Begin typing your search above and press return to search.

কিশোৰক বেত্ৰাঘাত কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস জি পি সিঙৰ

এই ঘটনাৰ পিছতে কিশোৰজনৰ পিতৃ পলাশ চলিহাই ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' আপলোড কৰে।

কিশোৰক বেত্ৰাঘাত কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস জি পি সিঙৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2020 4:42 AM GMT

এজন কিশোৰক বেত্ৰাঘাত কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিলে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্ৰধান (আইন-শৃংখলা) জি পি সিঙে। অভিযোগ অনুসৰি অলপতে গুৱাহাীটৰ গুৱাহাটীৰ ভৰলুমুখত কৰ্তব্যৰত আৰক্ষীয়ে এজন কিশোৰক বেত্ৰাঘাত কৰে। কিশোৰজন বিশেষভাবে সক্ষম। প্ৰাপ্ত তথ্য অনুসৰি পিতৃৰ সৈতে ঔষধ আনিবলৈ ওলাই যোৱা অৱস্থাত কোনো সোধা–পোছা নকৰাকৈ কিশোৰজনক বেত্ৰাঘাত কৰে আৰক্ষীয়ে।

কিয় পুত্ৰক প্ৰহাৰ কৰিলে বুলি প্ৰশ্ন কৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰৰহে হুমকি দিয়ে কিশোৰজনৰ পিতৃক।

এই ঘটনাৰ পিছতে কিশোৰজনৰ পিতৃ পলাশ চলিহাই ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' আপলোড কৰে। আনহাতে, ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ কথা আশ্বাস দিছে এডিজিপি সিঙে।

Next Story
চাকৰি