Begin typing your search above and press return to search.

শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰকঃ গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সন্থা

সমৰ প্ৰতিজন শিক্ষাৰ্থীৰ হাতত এনৰইড মোৱাইল ফোন নাই। ফলত বহু শিক্ষাৰ্থী অনলাইন ক্লাছ কৰিব পৰা নাই।

শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰকঃ গুৱাহাটী বিশ্ববিদ্যালয়  ছাত্ৰ সন্থা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-05-12T14:12:21+05:30


শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰকঃ গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ

ক'ৰ'না ভাইৰাছৰ অতংকৰ বাবে দেশৰ শিক্ষানুষ্ঠান সমূহৰ লগতে ৰাজ্যৰ শৈক্ষিক অনুষ্ঠান সমূহ যোৱা ১৬ মাৰ্চৰ পৰা বন্ধ হৈ আছে। ইয়াৰ বিপৰীতে বিশ্ববিদ্যালয় অনুদান আয়োগ(ইউ জি চি)ৰ নিৰ্দেশনা অনুসৰি শিক্ষানুষ্ঠান সমূহত অনলাইন যোগ পাঠদান অব্যাহত আছে। তাৎপৰ্যপূৰ্ণ যে ৰাজ্যৰ বহু শিক্ষাৰ্থী বহু ভিতৰুৱা গাঁও এলেকাত বাস কৰে । ফলত বহু শিক্ষাৰ্থীয়ে বিজুলী বাতিৰ লগত মোৱাইল ফোনৰ নেটৱৰ্কৰ সমস্যা সন্মুখীন হৈছে। সেয়েহে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ
মুন তালুকদাৰে মন্তব্য কৰে যে অসমৰ প্ৰতিজন শিক্ষাৰ্থীৰ হাতত এনৰইড মোৱাইল নাই যাৰ ফলত বহু শিক্ষাৰ্থী অনলাইন ক্লাছ কৰিব পৰা নাই তেন্তে ক্ষেত্ৰত অনলাইন মাধ্যমে পাঠদান কৰি অসমৰ ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠান কৰাটো সম্ভৱ নহয়। এনে সময়তে ৰাজ্যৰ কাৰিকৰী শিক্ষাৰ সঞ্চালকে জাননী প্ৰদান কৰিছে যে জুন মাহত পৰীক্ষা অনুষ্ঠান কৰিব বিচাৰিছে শ্ৰেণী কোঠাৰ পাঠদান অবিহনে। এই কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে ৰাজ্য চৰকাৰে শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰাৰ আহ্বান জনাই মুন তালুকদাৰে। আনহাতে লকডাউন খোলাৰ পিছত স্নাতক আৰু স্নাতকোত্তৰ পৰ্য্যায়ত অতিকমেও দুমাহ পাঠাদান অনুষ্ঠিত কৰিহে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনোৱা লগতে শৈক্ষিক প্ৰতিষ্ঠানত কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰা কাৰ্যৰ বিৰোধিতা কৰে। ইতিমধ্যে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু কাজিৰঙা বিশ্ববিদ্যালয়ত কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰিছে। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চৌহদত অধ্যাপক সকলৰ আৱাস থকাৰ লগতে ২৫ ৰো অধিক আন দেশৰ আন্তৰ্জাতিক পৰ্যায়ৰ ছাত্র-ছাত্ৰী আছিল এইবোৰ কথা

ৰাজ্য চৰকাৰে বিশ্লেষণ কৰাৰ প্ৰয়োজন বুলি কোৱাৰ লগতে আন বিশ্ববিদ্যালয় নাইবা মহাবিদ্যালয় যাতে পুনৰ ৰাজ্য চৰকাৰে কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন নকৰিবলৈ আহ্বান জনায়।শিক্ষাৰ্থীসকলৰ ভাড়াঘৰৰ আৰু ব্যক্তিগত খণ্ডৰ আবাস-নিবাস মাচুল ৰেহাই বাবে মালিকপক্ষক যি আহ্বান জনাইছিল ৰাজ্য চৰকাৰে সেই আহ্বান চৰকাৰে জাননী জাৰি কৰি নিৰ্দেশনা প্ৰদান কৰিব লাগে আৰু কেৱল এপ্ৰিল মাহৰে নহয় মে মাহৰ মাচুলো ৰেহাই বাবে ৰাজ্য চৰকাৰলৈ দাবী জনাই। এতিয়াও বহু মালিকপক্ষই এই আহ্বানক সহাৰি জনাব নাই যাৰ ফলত বহু দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতত আৰ্থিক সংকেত হেঙাৰ হৈ পৰিছে। চৰকাৰে মালিকপক্ষক এককালীন সাহাৰ্য্য প্ৰদান কৰি হলেও এই সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনাইছে। ইপিনে বহি ৰাজ্যত থকা বহু শিক্ষাৰ্থী বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিৰ লাগে। ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপচাৰ্য্য তৰফৰ পৰা গৰম বন্ধ উথাই লোৱা আৰু শ্ৰেণীত পাঠদানৰ আশ্বাস দিয়া লগতে ৰাজ্য চৰকাৰৰ কাম-কাযক প্ৰসংগ কৰি শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতৰ দিশটো গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।

Next Story