তলাবন্ধ উলংঘাঃ গুৱাহাটীৰ গড়চুকৰ বজাৰত বহু লোকৰ ভিৰ

বহুতকে স্তম্ভিত কৰি অনেক লোকে বজাৰখনত বয়বস্তু ক্ৰয় কৰে।
তলাবন্ধ উলংঘাঃ গুৱাহাটীৰ গড়চুকৰ বজাৰত বহু লোকৰ ভিৰ
Published on: 

মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আৰোপ কৰা সপ্তাহান্তৰ তলাবন্ধৰ নীতি-নিয়ম উলংঘা কৰি আজি পুৱা গুৱাহাটীৰ গড়চুকৰ এখন বজাৰত ভিৰ কৰিলে বহু লোকে। বহুতকে স্তম্ভিত কৰি অনেক লোকে  বজাৰখনত বয়বস্তু ক্ৰয় কৰে। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত বজাৰখনত এনেদৰে তলাবন্ধৰ নীতি-নিয়ম উলংঘা কৰি বহু লোকে শাক-পাচলি আদি ক্ৰয় কৰে।

উল্লেখ্য যে প্ৰশাসনে ক'ৰ'নাৰ বিভীষিকা অন্ত নপৰালৈকে হাট-বজাৰ খোলাত নিষেধাজ্ঞা আৰোপ কৰি থৈছে। আনহাতে, গুৱাহাটীৰ একাংশ ৰেস্তোঁৰাৰ স্বত্বাধিকাৰীয়ে নৈশ কাৰ্ফিউ আৰু সপ্তাহান্তৰ তলাবন্ধ প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে। অৱশ্যে সপ্তাহৰ বাকী কেইটা দিনত নিষেধাজ্ঞা কিছু পৰিমাণে শিথিল কৰিছে ৰাজ্য চৰকাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com