নৈশ কাৰ্ফিউ প্ৰত্যাহাৰৰ দাবী গুৱাহাটীৰ ৰেস্তোঁৰা মালিকৰ
মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে বলবত ৰখা নৈশ কাৰ্ফিউ আৰু সপ্তাহান্তৰৰ তলাবন্ধ প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে গুৱাহাটীৰ ৰেস্তোঁৰা মালিকসকলে। তলাবন্ধৰ ফলত প্ৰচুৰ লোকচান ভৰাৰ কথা উল্লেখ কৰি ৰেস্তোঁৰা মালিকসকলে নৈশ কাৰ্ফিউ আৰু সপ্তাহান্তৰ তলাবন্ধ প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে। ৰাজ্য চৰকাৰৰ ওচৰত এই দাবী জনাই ৪ ছিজনছ ৰেস্তোঁৰাৰ স্বত্বাধিকাৰী মৃদুল চৌধুৰীয়ে দ্যা ছেণ্টিনেল ডিজিটেলক কয়, " আমি অনলাইনত ৫০শতাংশ ক্ৰয় অৰ্ডাৰ লাভ কৰিছো। কিন্তু গ্ৰাহকৰ সংখ্যা চকুত লগাকৈ হ্ৰাস পাইছে। আমাৰ ইয়াত কলেজীয় ছাত্ৰ-ছাত্ৰী আৰু উচ্চ ন্যায়ালয়ৰ অধিবক্তা-কৰ্মচাৰীৰ সাধাৰণতে ভিৰ হয়। গতিকে আমি তলাবন্ধৰ ক্ষেত্ৰত কিছু শিথিলতা ঘোষণা কৰিবলৈ আবেদন জনাইছো।" তেওঁ কয় যে সপ্তাহান্তত অধিক বিক্ৰী হয়।
একেদৰে 'থলগিৰি' প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী মনোৰম গগৈয়ে কয় যে চৰকাৰৰ শেহতীয়া নীতি-নিৰ্দেশাৱলীয়ে কোনো লোককে লাভান্বিত কৰা নাই। আনকি তেওঁ সপ্তাহান্তৰ তলাবন্ধক অৰ্থহীন কচৰত বুলিও আখ্যা দিয়ে।উল্লেখ্য যে সমগ্ৰ দেশৰ লগতে অসমতো যোৱা ২৪ মাৰ্চৰ নিশাৰ পৰা তলাবন্ধ আৰোপ হৈছিল।
আৰু পঢ়িব পাৰেঃ ১০ আগষ্টৰ পৰা আৰম্ভ হ'ব কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তি

