ৰাজ্যজুৰি বানৰ তাণ্ডবঃ গুৱাহাটীত দুঘৰৰ বাসগৃহৰ ওপৰত খহি পৰিল স্কুলৰ দেৱাল

ৰাজ্যজুৰি বানৰ তাণ্ডবঃ গুৱাহাটীত দুঘৰৰ বাসগৃহৰ ওপৰত খহি পৰিল স্কুলৰ দেৱাল

বিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত মইমতালিত দৈবক্ৰমেহে প্ৰাণৰক্ষা পৰে পৰিয়াল দুটাৰ কে’বাজনো ব্যক্তিৰ ৷
Published on

ৰাজ্যজুৰি বানৰ তাণ্ডবঃ গুৱাহাটীৰ জু-ৰোডৰ দুঘৰৰ বাসগৃহৰ ওপৰত খহি পৰিল স্কুলৰ দেৱাল

আশংকা কৰা ধৰণেই আগ বাৰিযাতে ৰাজ্যৰ বহু অঞ্চলত বানে তাণ্ডবৰ সৃষ্টি কৰিছে। জীয়া ভৰলীকে ধৰি ব্ৰহ্মপুত্ৰৰ কেইবাখনো উপনৈয়ে বিভিন্ন স্থানত বানৰ সৃষ্টি কৰিছে। ইপিনে, অব্যাহত আছে নেৰানেপেৰা বৰষুণ। আজি গুৱাহাটীৰ জু-ৰোডৰ পাহাৰীয়া অঞ্চলত অৱস্থিত এখন স্কুলৰ নৱনিৰ্মিত চাৰিসীয়াৰ দেৱাৰ নামনিত থকা দুটা পৰিয়ালৰ বাসগৃহৰ ওপৰত খহি পৰে। বিদ্যালয় কৰ্তৃপক্ষৰ চূড়ান্ত মইমতালিত দৈবক্ৰমেহে প্ৰাণৰক্ষা পৰে পৰিয়াল দুটাৰ কে'বাজনো ব্যক্তিৰ ৷

নেৰানেপেৰা বৰষুণৰ ফলত জু- নাৰেংগী গীতানগৰৰ ঘাৰমৰা সত্ৰ পথস্থিত প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়ৰ চাৰিসীমাত নৱনিৰ্মিত দেৱাল খহি পৰে স্থানীয় যতীন নাথ আৰু পঙ্কজ গোস্বামীৰ বাসগৃহত ৷ ফলত পৰিয়াল দুটাৰ বাসগৃহ ক্ষতিগ্ৰস্ত হয়৷ তদুপৰি পৰিয়াল দুটাৰ সদস্যসকলৰ কথমপিহে প্ৰাণৰক্ষা পৰে ৷

অভিযোগ অনুসৰি নিম্ন মানৰ সামগ্ৰীৰে বিপদসংকুলভাবে পাহাৰৰ ওপৰত বিদ্যালয় কৰ্তৃপক্ষই এই দেৱাল নিৰ্মাণ কৰোৱায় ৷ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com