অঘৰী মেকুৰী হত্যা কৰি গুৱাহাটীত দোকানী গ্ৰেপ্তাৰ

দোকানীজনৰ মাৰত গুৰুতৰভাবে আহত মেকুৰীটোক কোনো হৃদয়বান লোকে পশু চিকিৎসালয়লৈ নিয়ে যদিও তেতিয়ালৈ বহু পলম হয়।
অঘৰী মেকুৰী হত্যা কৰি গুৱাহাটীত  দোকানী গ্ৰেপ্তাৰ

এটা অঘৰী মেকুৰী হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে গুৱাহাটীৰ এজন গেলামালৰ দোকানী ৷ দোকানীজনে দোকানৰ ভিতৰত প্ৰৱেশ কৰা মেকুৰীটোক লাঠিৰে প্ৰচণ্ড কোব সোধোৱাৰ দৃশ্যৰ ভিডিঅ' কৰি কোনো লোকে ছ'চিয়েল মিডিয়াত আপলোড কৰে ৷ এই ভিডিঅ'ৰ আঁত ধৰি আৰক্ষীয়ে দোকানীজনক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পাঞ্জাবাৰীৰ জুৰিপাৰস্থিত এখন গেলামালৰ দোকানৰ গৰাকী জ্যোতি পাঠকে অলপতে এটা মেকুৰীক লাঠিৰে প্ৰচণ্ড কোব সোধায়।

ইয়াৰ তিনিদিনৰ পাছত মেকুৰীটোৰ মৃত্যু হয় ৷ আনহাতে, কোনো লোকে মেকুৰীটোক দোকানীজনে কোব সোধোৱাৰ দৃশ্য কেমেৰাত বন্দী কৰি ছ'চিয়েল মিডিয়াত আপলোড কৰে ৷ এই ভিডিঅ' ভাইৰেল হয়। এই দৃশ্য প্ৰত্যক্ষ কৰি কোনো লোকে দোকানীজনৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দোকানী পাঠকক গ্ৰেপ্তাৰ কৰিছে ৷ দোকানীজনৰ মাৰত গুৰুতৰভাবে আহত মেকুৰীটোক কোনো হৃদয়বান লোকে পশু চিকিৎসালয়লৈ নিয়ে যদিও তেতিয়ালৈ বহু পলম হয়। ফলত তাৰ প্ৰাণৰক্ষা নপৰিল। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com