স্বাধীনতা দিৱসঃ গুৱাহাটীৰ যান-বাহনৰ ক্ষেত্ৰত নিৰ্দেশনা

আগন্তুক স্বাধীনতা দিৱসৰ ৰাজ্যিক কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটীৰ ঐতিহাসিক জজ ফিল্ডত পালন কৰা হ’ব।
স্বাধীনতা দিৱসঃ গুৱাহাটীৰ যান-বাহনৰ ক্ষেত্ৰত নিৰ্দেশনা
Published on

ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবাৰ স্বাধীনতা দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হ'ব। আগন্তুক স্বাধীনতা দিৱসৰ ৰাজ্যিক কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটীৰ ঐতিহাসিক জজ ফিল্ডত পালন কৰা হ'ব। এই উদ্দেশ্যে মহানগৰৰ যান-বাহন চলাচলৰ দিক-নিৰ্দেশনা জাৰি কৰা হৈছে। কাইলৈ অনুষ্ঠান কোনো ধৰণৰ বেমেজালি অবিহনে পালনৰ উদ্দেশ্যে যান-বাহনৰ চলাচলৰ এই নিৰ্দেশনা জাৰি কৰা হৈছে। মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি কাইলৈ স্বাধীনতা দিৱস উপলক্ষ্যে  নিম্নোক্ত ধৰণেৰে সাজু কৰি তোলা হৈছেঃ

১) ৰঙা, নীলা অথবা হালধীয়া পাছ থকাসকলকহে উদযাপন থলীৰ বেৰীকেডৰ পাছলৈ যাবলৈ দিয়া হ'ব।

২) কে এল বি পথৰ( এন চি বি) বেৰীকেড পুৱা ৮-৩০বজাত আৰু তাৰ পাছতহে কেৱল ভি ভি আই পি-ৰ বাবে মুকলি কৰা হব।

৩) এম জি ৰোডত বয়-বস্তু কঢ়িওৱা বাণিজ্যিক বাহন-চলাচল কৰিবলৈ দিয়া নহ'ব।

৪) জালুকবাৰী ফালৰ পৰা অহা অন্যান্য যান-বাহন যিবোৰে উজানবজাৰ বা চান্দমাৰীৰ ফালে নতুবা জি এছ ৰোডৰ ফালে যাব বিচাৰে, সেইবোৰক কটন কলেজিয়েট হৈ ছেৰা গেট পইণ্টত পথ সলনি কৰিবলৈ দিয়া হব।

৫) জি এন বি ৰোডত ৱান-ৱে স্থাপন কৰা হ'ব।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com