গুৱাহাটীত একেদিনাই ১৩৪ ক'ৰ'না আক্ৰান্ত চিনাক্ত

শুকুৰবাৰে ৰাজ্যত ৩৬৫জন ক’ৰ’না আক্ৰান্ত চিনাক্ত কৰা হয়।
গুৱাহাটীত একেদিনাই ১৩৪ ক'ৰ'না আক্ৰান্ত চিনাক্ত
Published on

উদ্বেগজনকভাবে ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীত বৃদ্ধি পাইছে ক'ৰ'না আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি মাধোঁ এটা দিনতে গুৱাহাটীত ১৩৪জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। এই বিষয়ে অধিক তথ্য সদৰী কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই এটা টুইটত কয়, " শুকুৰবাৰে ৰাজ্যত ৩৬৫জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। ইয়াৰে ১৩৪জন গুৱাহাটী মহানগৰৰ। উপযুক্ত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰক আৰু সুৰক্ষিত থাকক "।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com