Begin typing your search above and press return to search.

খালী কৰা হৈছে হাফলঙৰ হোটেলৰ পৃথকীকৰণ কেন্দ্ৰ

খালী কৰা হৈছে হাফলঙৰ হোটেলৰ পৃথকীকৰণ কেন্দ্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-05-29T19:31:05+05:30

হাফলঙৰ হোটেলৰ পৃথকীকৰণ কেন্দ্ৰ খালী

জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি হাফলঙৰ হোটেলসমূহৰ পৃথকীকৰণ কেন্দ্ৰ খালী কৰা হৈছে আৰু তাত থকা লোকসকলক বৃহস্পতিবাৰে হাফলং চৰকাৰী মহাবিদ্যালয়ৰ ছোৱালী হোষ্টেললৈ স্থানান্তৰ কৰা হয় ।

উল্লেখযোগ্য যে হাফলং আৰু মাহুৰৰ পৃথকীকৰণ কেন্দ্ৰত ৩২৪ জন লোকক ৰখা হৈছিল । ইতিমধ্যে ইয়াৰ ৪৫ জন‌ লোকক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হয়।

ইয়াৰ মাজতে ডিমা হাছাওৰ মাহুৰৰ ২৩ বছৰীয়া এজন যুৱকৰ দেহত পোৱা যায় ক'ৰ'না ভাইৰাছৰ অৱস্থিতি। এই যুৱকজনে ২০ মে'ত চেন্নাই - জিৰিবাম ট্ৰেইনৰ দ্বাৰা অসমলৈ আহে ৷ পাছত ২৩ মে'ত যুৱক জনৰ দেহত পোৱা যায় ক'ৰ'নাৰ অৱস্থিতি।

ডিমা হাছাওৰ সহকাৰী আয়ুক্ত ইভোন টেৰোনে সংবাদ মাধ্যমৰ আগত কয় যে ফন্টলাইন কৰ্মকৰ্তাসকলে ক'ৱিড-১৯ ৰ বিৰুদ্ধে অহৰহ কাম কৰি আছে ।

Next Story