মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ এজন

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ এজন

হাজোৰ আখতাৰ আলীয়ে ফে’চবুকত স্বাস্থ্য মন্ত্ৰী শৰ্মাক হত্যাৰ ভাবুকি দিয়ে
Published on

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ হৈছে হাজোৰ এজন লোক ৷ অভিযোগ অনুসৰি কামৰূপ জিলাৰ হাজোৰ আখতাৰ আলীয়ে ফে'চবুকত স্বাস্থ্য মন্ত্ৰী শৰ্মাক হত্যাৰ ভাবুকি দিয়ে ৷ ইয়াক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সমান্তৰালভাবে হাজো মণ্ডল বিজেপিয়ে আলীৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে ৷

তেতিয়া তেওঁ আত্মগোপন কৰে ৷ অৱশ্যে বৃহস্পতিবাৰে নিশা স্থানীয় আৰক্ষীয়ে আলীক গ্ৰেপ্তাৰ কৰে ৷ ঘটনাৰ অধিক তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com