ক'ত ক'ত আছে কামৰূপ (ম)জিলাৰ ২৬টা কণ্টেইনমেণ্ট জ'ন !

কামৰূপ(মহানগৰ)জিলাতে এনে ৪৬টা কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছিল ৷
ক'ত ক'ত আছে কামৰূপ (ম)জিলাৰ ২৬টা কণ্টেইনমেণ্ট জ'ন !

ক'ত ক'ত আছে কামৰূপ (ম)জিলাৰ ২৬টা কণ্টেইনমেণ্ট জ'ন !

ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা দ্ৰুত বৃদ্ধি অব্যাহত আছে ৷ এই মাৰাত্মক ভাইৰাছৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে নিৰ্দিষ্ট নীতি-নিৰ্দেশনা অনুসৰি সংশ্লিষ্ট জিলাৰ জিলা প্ৰশাসনসমূহে কণ্টেইনমেণ্ট জ'ন অথবা মণ্ডল ঘোষণা কৰে । কে'তবোৰ স্থানত সংক্ৰমণ ৰোধ হোৱাত এনে কণ্টেইনমেণ্ট জ'ন প্ৰত্যাহাৰো কৰা হৈছে ৷ কামৰূপ(মহানগৰ)জিলাতে এনে ৪৬টা কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছিল ৷ বৰ্তমানেও ইয়াৰ ২৬টা অঞ্চলক কনণ্টেইনমেণ্ট জ'নৰূপেই বাহাল ৰখা হৈছে ৷

জিলাখনৰ এই ২৬টা কণ্টেইনমেণ্ট জ'ন হ'লঃ

পাণ্ডু নিউ ৰেলৱে কল'নী, বেতকুচি, জাপৰিগোগ, বৰবাৰী, বিষ্ণুপুৰ, কৃষ্ণনগৰ, ধীৰেনপাৰা, পূব শৰণীয়া, বাথৌনগৰ( গীতামন্দিৰ), কৃষ্ণনগৰ (গোশালা), কেন্দ্ৰীয় কাৰাগাৰ চৌহদ (লখৰা), ইন্দ্ৰপুৰৰ পাহাৰীয়া অঞ্চল(জি এম চি এইচৰ ওচৰত), হেঙেৰাবাৰীৰ লিচুবাগান, পাণবজাৰৰ অৰিহন এপাৰ্টমেণ্ট, আৰ জি বৰুৱা ৰোডৰ লখিনাফাৰাৰ শ্যামকুঞ্জ এপাৰ্টমেণ্ট, চন্দ্ৰপুৰৰ হাজংবাৰী গাঁও, ফটাশিলৰ বি-ব্লকৰ ভাস্কৰনগৰ, আঠগাঁও, আজাৰৰ হীৰাপাৰা গাঁও, গুৱাহাটীৰ খ্ৰীষ্টানবস্তি, ভৰলুমুখৰ বিষ্ণুপুৰ, শান্তিপুৰ, সাতগাঁও, লালগণেশৰ শংকৰনগৰ, ধীৰেনপাৰা আৰু আঠগাঁও এছ জে ৰোড ৷

উল্লেখ্য যে এবাৰ কোনো এক স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণাৰ পাছত সেই স্থানত ১৪দিন লৈকে নতুন কোনো ক'ৰ'না আক্ৰান্ত চিনাক্ত নহ'লে, সাধাৰণতে তেনে স্থানৰ কণ্টেইনমেণ্ট জ'ন প্ৰত্যাহাৰ কৰা হয় ।এনেদৰে গুৱাহাটীৰ পূৰ্বে ঘোষিত কে'বাটাও স্থানৰ কণ্টেইনমেণ্ট জ'ন প্ৰত্যাহাৰ কৰা হৈছে ।এই স্থানসমূহৰ অন্যতম হৈছে জু-ৰোডৰ স্পেনিছ গাৰ্ডেন, আঠগাঁৱৰ মছজিদ আৰু কবৰস্থান, ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আৱাসিক চৌহদ, চান্দমাৰীৰ অমিয়ানগৰ, আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছোৱালী কলেজ হোষ্টেল, কুমাৰাপাৰা, ফটাশিল জি এছ কল'নী আদি ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com