গুৱাহাটীত পুনৰ সম্পূৰ্ণ তলাবন্ধ ঘোষিত অঞ্চলত কি কি বন্ধ থাকিব!

গুৱাহাটীত পুনৰ সম্পূৰ্ণ তলাবন্ধ ঘোষিত অঞ্চলত কি কি বন্ধ থাকিব!

এই অঞ্চলসমূহত কেতবোৰ সেৱা আৰু ব্যৱসায়িক কাম-কাজ ১৪ দিনৰ বাবে বন্ধ থাকিব।
Published on

ক'ৰ'না মহামাৰীৰ উদ্বেগজনক প্ৰাদুৰ্ভাবৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ ১১ টা ৱাৰ্ডৰ কেতবোৰ স্থানত পুনৰ সম্পূৰ্ণ তলাবন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। এই তলাবন্ধ ১৪ দিনৰ বাবে বাহাল থাকিব। ক'ৰ'না ভাইৰাছ নিয়ন্ত্ৰণৰ বিধি অনুযায়ী সম্পূৰ্ণ তলাবন্ধ ঘোষিত এই অঞ্চলসমূহত কেতবোৰ সেৱা আৰু ব্যৱসায়িক কাম-কাজ ১৪ দিনৰ বাবে বন্ধ থাকিব। মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰা নিৰ্দেশ অনুসৰি বন্ধ থাকিবলগীয়াসমূহ হৈছেঃ

১) ব্যৱসায়িক আৰু বাণিজ্যিক প্ৰতিষ্ঠান, দোকান—োহাৰ, বাণিজ্যিক কাম-কাজ

২) সকলো ঔদ্যোগিক প্ৰতিষ্ঠান বন্ধ থাকিব।

৩) ৰাজহুৱা পৰিবহন বাতিল কৰা হৈছে। ব্যক্তিগত বাহনৰ চলাচলো বন্ধ কৰা হৈছে।

৪) আতিথ্য খণ্ডৰ সকলো সেৱা বন্ধ থাকিব।

৫) ধৰ্মীয় উপাসনাস্থলী বন্ধ থাকিব। ধৰ্মীয় সমাৱেশ বন্ধ থাকিব। শেষকৃত্যৰ ক্ষেত্ৰত ২০জনতকৈ অধিক লোক সমবেত হব নোৱাৰিব। ৰাজহুৱা স্থানত থু-পিক পেলালে জৰিমনা বিহা হব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com