মিজোৰামত ৩.৪ কোটি মূল্যৰ হেৰ'ইনৰ জব্দ

আৰক্ষীয়ে জনোয় যে জব্দ কৰা নিষিদ্ধ সামগ্ৰীখিনি খালী গেছ চিলিণ্ডাৰৰ ভিতৰত লুকুৱাই থোৱা আছিল আৰু তলৰ অংশটো ফালি এই নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল
মিজোৰামত  ৩.৪ কোটি মূল্যৰ হেৰ'ইনৰ জব্দ
Published on

আইজলঃ দেওবাৰে নিশা মিজোৰামৰ কোলাছিব জিলাৰ ভাইৰেংটে চহৰৰ সমীপত এখন ট্ৰাকৰ পৰা অবৈধ হেৰ'ইন জব্দ কৰা হয়। খবৰ অনুসৰি নিয়মীয়া তালাচীৰ সময়ত আৰক্ষীয়ে খালী ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই অনা এখন ট্ৰাক ৰখাই ভিতৰত হেৰ'ইন উদ্ধাৰ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত জব্দ কৰা হেৰ'ইন খিনিৰ মূল্য ৩.৪ কোটি টকা হব বুলি জানিব পৰা গৈছে। মিজোৰাম আৰক্ষীয়ে জনোৱা মতে, মিজোৰামৰ কোলাছিব জিলাৰ আৰক্ষীৰ এটা দলে খালী ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই লৈ গৈ থকা এখন ট্ৰাকৰ পৰা এই ড্ৰাগছ জব্দ কৰে।চাম্পাইৰ এনগোপাৰ পৰা শিলচৰলৈ গৈ আছিল বাহনখন।আৰক্ষীয়ে বাহনখনৰ পৰা ৬২৫ গ্ৰাম (৫০টা চাবোনৰ বাকচ) হেৰ'ইন উদ্ধাৰ কৰে, যাৰ মূল্য ৩.৪ কোটি টকা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com