Begin typing your search above and press return to search.

প্ৰধানমন্ত্ৰী মোদীক অনুকৰণ কৰি গামোচাক মাস্কৰূপে ব্যৱহাৰৰ আহ্বান মন্ত্ৰী শৰ্মাৰ

মোদীয়ে দেশত ক’ৰ’নাৰ প্ৰাদুৰ্ভাব ঘটাৰ পাছৰে পৰা গামোচাক মাস্কৰূপে ব্যৱহাৰ কৰি দেশবাসীক উদ্দেশি বক্তব্য প্ৰদান কৰি আহিছে

প্ৰধানমন্ত্ৰী মোদীক অনুকৰণ কৰি গামোচাক মাস্কৰূপে ব্যৱহাৰৰ আহ্বান মন্ত্ৰী শৰ্মাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 May 2020 11:11 AM GMT

প্ৰধানমন্ত্ৰী মোদীক অনুকৰণ কৰি গামোচাক মাস্কৰূপে ব্যৱহাৰৰ আহ্বান মন্ত্ৰী শৰ্মাৰ

অসম আৰু অসমীয়াৰ ঐতিহ্য-গৌৰৱৰ প্ৰতীক গামোচাক মাস্ক বা মুখ বান্ধনিৰূপে ব্যৱহাৰৰ আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ক'ৰ'না মহামাৰীয়ে অসমতো জটিল ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্ৰীয়ে সকলোৰে প্ৰতি এই আহ্বান জনাইছে ৷ এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদাহৰণ ৰূপে ল'বলৈ আহ্বান জনাইছে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশত ক'ৰ'নাৰ প্ৰাদুৰ্ভাব ঘটাৰ পাছৰে পৰা গামোচাক মাস্কৰূপে ব্যৱহাৰ কৰি দেশবাসীক উদ্দেশি বক্তব্য প্ৰদান কৰি আহিছে ৷ প্ৰধানমন্ত্ৰীক অনুকৰণ কৰি গামোচা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই শনিবাৰে এটা টুইটত স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয়, " গামোচা হৈছে অসমৰ এক চহকী সংস্কৃতি আৰু গৌৰৱোজ্জল বুৰঞ্জীৰ প্ৰতীক ৷ প্ৰধানমন্ত্ৰী মোদীয়ে গামোচাক মাস্কৰূপে ব্যৱহাৰ কৰাটোৱে আমাক সুখী আৰু আহ্লাদিত কৰিছে ৷ বজাৰৰ পৰা কিনি অনা মাস্কৰ পৰিৱৰ্তে মই গামোচাক মাস্কৰূপে ব্যৱহাৰ কৰিবলৈ অসমবাসীৰ প্ৰতি অনুৰোধ জনাইছো ৷" অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি সম্প্ৰতি অধিক উদ্বেগজনক হৈ পৰিছে৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৩১৯ জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি নতুনকৈ ৫৩জন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ এই ৫৩ জন লোকৰ ৪৪জন সৰুসজাই কোৱাৰেণ্টিন চেণ্টাৰত আছে ৷ আন কেইজনৰ সাতজন ডিমা হাচাওৰ আৰু দুজন কাচাৰৰ । এই লোক কেইজন পজিটিভ চিনাক্ত হোৱাৰ লগে লগে সম্প্ৰতি ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ২৫৮ জনলৈ বৃদ্ধি পাইছে ।

অৱশ্যে মোদীয়ে বিগত ছবছৰত সততে গামোচা ব্যৱহাৰ কৰি অহাটো পৰিলক্ষিত হৈছে ৷ ইয়াক লৈ অসমৰ বহুতে প্ৰধানমন্ত্ৰীজনক প্ৰায়ে প্ৰশংসাৰে উপচাই আহিছে ৷

আৰু পঢ়িব পাৰেঃগুৱাহাটীৰ তৰুণ নগৰৰ একাংশক কণ্টেইনমেণ্ট জ'ন ঘোষণা

Next Story