শিক্ষা নহ'ল গুৱাহাটীবাসীৰ! পুনৰ তলাবন্ধৰ ইংগিত মন্ত্ৰী শৰ্মাৰ

তেওঁ লগতে গুৱাহাটীবাসীক অ-সংবেদনশীল বুলিও সমালোচনা কৰে।
শিক্ষা নহ'ল গুৱাহাটীবাসীৰ! পুনৰ তলাবন্ধৰ ইংগিত মন্ত্ৰী শৰ্মাৰ
Published on: 

আনলক-৩ বা তৃতীয় পৰ্যায়ৰ তলাবন্ধ মুকলিৰ পাছত গুৱাহাটীৰ বহু লোকে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ ব্যৱস্থাৱলী মানি নচলা বুলি আক্ষেপ প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ বহু লোকৰ এনে আচৰণৰ ফলত পুনৰ এক তলাবন্ধ অৱধাৰিত হৈ পৰাৰ ইংগিত দিছে মন্ত্ৰীজনে।

গুৱাহাটীবাসীৰ এনে আচৰণক লৈ অসন্তুষ্ট মন্ত্ৰীজনে সাংবাদিকৰ আগত কয়, " যি পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণলৈ আহিছে, সেয়া ১৫ দিনৰ পিছত অনিয়ন্ত্ৰিত হৈ পৰিব। গতিকে যদি মাস্ক নিপিন্ধে, সামাজিক ব্যৱধান নামানে আৰু ইয়াৰ কাৰণে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেনেহ'লে আকৌ লকডাউন দিবলৈ চৰকাৰ বাধ্য হ'ব। ক'ৰ'না শেষ হৈ যোৱা নাই।'

তেওঁ লগতে গুৱাহাটীবাসীক অ-সংবেদনশীল বুলিও সমালোচনা কৰে। মন্ত্ৰীজনে আক্ষেপেৰে কয় যে গুৱাহাটীৰ গৰিষ্ঠসংখ্যকে যেন দেখিও নেদেখে, বুজিও নুবুজে! যাৰ পৰিপ্ৰেক্ষিতত সামাজিক ব্যৱধান বৰ্তাই ৰখা আৰু মাস্ক পিন্ধাৰ নিৰ্দেশক উলংঘা কৰি বাৰে বাৰে মহানগৰীক জটিল পৰিস্থিতিলৈ ঠেলি দিবলৈ কুণ্ঠাবোধ নকৰে এনে লোকে। উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ লক-ডাউন আৰম্ভ হোৱাৰ দিনাই ৰাজ্যত দুই সহস্ৰাধিক ক'ৰ'না পজিটিভ ধৰা পৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com