Begin typing your search above and press return to search.

কণ্টেইনমেণ্ট জ'ন ঘোষিত আলুৰ গুদাম পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

স্বাস্থ্য মন্ত্ৰী শৰ্মাই ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুয হাজৰিকাসহ চাংসাৰিস্থিত আলুৰ গুদামটো পৰিদৰ্শন কৰে।

কণ্টেইনমেণ্ট জন ঘোষিত  আলুৰ গুদাম পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 May 2020 4:20 PM GMT

চাংসাৰিৰ কণ্টেইনমেণ্ট জ'ন ঘোষিত আলুৰ গুদাম পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

কামৰূপ জিলাৰ চাংসাৰিৰ ক'ৰ'না কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা আলুৰ গুদামটো আজি পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৱা সোমবাৰে এজন ক'ৰ'না আক্ৰান্ত চিনাক্ত হোৱাৰ পাছতে গুদামটোক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰা হয়। আজি স্বাস্থ্য মন্ত্ৰী শৰ্মাই ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুয হাজৰিকাসহ চাংসাৰিস্থিত আলুৰ গুদামটো পৰিদৰ্শন কৰে। তেওঁৰ এই পৰিদৰ্শন কালত কামৰূপ(মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুও উপস্থিত থাকে। পৰিদৰ্শনকালত স্বাস্থ্যমন্ত্ৰী শৰ্মাই গুদামটোত ক'ৰ'না প্ৰতিৰোধৰ নীতি-নিয়মাৱলী মানি চলা হৈছে নে নাই, তাৰ বুজ লয়। উল্ৰেখ্য য়ে উত্তৰ প্ৰদেশৰ আজমগড়ৰ পৰা অহা এজন শ্ৰমিক ফাঁচীবজাৰৰ ৰাজকমল হোটেলত আছিল। তেওঁৰ শৰীৰত যোৱা সোমবাৰে প্ৰথমে ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।এই শ্ৰমিকজনে চাংসাৰিৰ উক্ত আলুৰ গুদামলৈ গৈছিল। এই কথা সদৰী কৰি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই দ্য ছেণ্টিনেল ডিজিটেলক কয় যে এই কথা পোহৰলৈ অহাৰ পাছতে আলুৰ গুদামটোসহ পাঁচটা স্থানক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হয়। আলুৰ গুদামটো পৰিদৰ্শন কৰাৰ কথা স্বাস্থ্য মন্ত্ৰী শৰ্মাই টুইটাৰত প্ৰকাশ কৰিছে। ইতিমধ্যে আলুৰ গুদামটো ছীল কৰা হৈছে। ইপিনে, অসমত ক'ৰ'না আক্ৰনাতৰ সংখ্যা হৈছে ৮৬জন। ইয়াৰে ৪০ জন সুস্থ হৈছে। ক'ৰ'না এক্টিভৰূপে চিহ্নিত হৈ আছে ৪৩জন।

Next Story