বিশ্ব পৰিৱেশ দিৱসত প্ৰকৃতিৰ কোলাত স্বাস্থ্য মন্ত্ৰী শৰ্মা

প্ৰাকৃতিক পৰিৱেশত তেওঁ কেইবা কিলোমিটাৰ খোজ কাঢ়ে
বিশ্ব পৰিৱেশ দিৱসত প্ৰকৃতিৰ কোলাত  স্বাস্থ্য মন্ত্ৰী শৰ্মা

প্ৰকৃতিৰ কোলাত বিশ্ব পৰিৱেশ দিৱস পালন স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

গতানুগতিকতা আৰু প্ৰাত্যাহিকতাৰ পৰা আঁতৰি আজি প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশত কিছু সময় পাৰ কৰি  বিশ্ব পৰিৱেশ দিৱস পালন কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাব নিয়ন্ত্ৰণৰ বাবে ব্যস্ত থকা স্বাস্থ্য মন্ত্ৰী শৰ্মাই আজি আগবেলাৰ সময়ছোৱা ধেমাজি জিলাত পাৰ কৰে। এই সময়ছোৱাত মন্ত্ৰীজনে গোগামুখত প্ৰাকৃতিক পৰিৱেশৰ মাজত কিছুসময় পাৰ কৰে। পুৱা বৰষুণেও তেওঁৰ উদ্যমক ম্লান পেলাব নোৱাৰিলে। পদব্ৰজে তেওঁ বনৰ প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ যায়। পাছে তেওঁক নিয়মানুসৰি সুৰক্ষাৰক্ষীয়ে নিৰাপত্তা দিয়ে।  প্ৰাকৃতিক পৰিৱেশত তেওঁ কেইবা কিলোমিটাৰ খোজ কাঢ়ে। এনেদৰে প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য উপভোগ কৰে। পাছত এই সম্পৰ্কত তেওঁ টুইটাৰত কয়, " অসমৰ জীৱজগত আৰু প্ৰাকৃতিক সৌন্দৰ্যই সদায়ে মন্ত্ৰমুগ্ধ কৰে। গোগামুখত সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত কেইবা কিলোমিটাৰ খোজকাঢ়ি পুনৰুজ্জীৱিত হ'লো। প্ৰকৃতিৰ আৰ্শীৰ্বাদ লাভৰ বাবে মই সকলোকে প্ৰকৃতিক ভাল পাবলৈ আৰু শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনালো"। টুইটটোত তেওঁ লগতে কয়, " আমি আজি কেনেদৰে প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰতি আচৰণ কৰো, তেনেদৰে কাইলৈ আমাক প্ৰকৃতি আৰু পৰিৱেশে আচৰণ কৰিব। এই বিশ্ব পৰিৱেশ দিৱসত আমি ভৱিষ্যতৰ প্ৰজন্মৰ বাবে প্ৰকৃতি আৰু জৈৱ-বৈচিত্ৰৰ প্ৰতিপালন কৰো আহক"। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com