২০২১ৰ নিৰ্বাচনঃ বাঙালী হিন্দুৱেও খুলিব ৰাজনৈতিক দল !

সমভাবাপন্ন বাঙালী ছাত্ৰ আৰু বিভিন্ন সংগঠনে যুটীয়াভাবে অহা ১০ আৰু ১১অক্টোবৰত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত এখন সভাৰ আয়োজন কৰিছে।
২০২১ৰ নিৰ্বাচনঃ বাঙালী হিন্দুৱেও খুলিব ৰাজনৈতিক দল !
Published on

আসন্ন ২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে অসমত একাধিক আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিছে বিভিন্ন দল-সংগঠনে ৷ ইয়ে ৰাজনৈতিক বতাহ গৰম কৰি তোলাৰ সময়তে বিভিন্ন হিন্দু বাঙালী সংগঠনেও সুকীয়া ৰাজনৈতিক দল গঠনৰ যো-জা চলাইছে ৷ প্ৰাপ্ত তথ্য অনুসৰি সমভাবাপন্ন বাঙালী ছাত্ৰ আৰু বিভিন্ন সংগঠনে যুটীয়াভাবে অহা ১০ আৰু ১১অক্টোবৰত শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত এখন সভাৰ আয়োজন কৰিছে।

এই সভাত সুকীয়া ৰাজনৈতিক দল গঠন সম্পৰ্কে আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে, সোণোৱাল চৰকাৰক সমালোচনা কৰি বাঙালী য়ুথ ষ্টুডেণ্টছ ফেদাৰেচনৰ দীপক দেই কয় যে চৰকাৰখনে হিন্দু বাঙালীসকলক বিশ্বাসঘাটকতা কৰিছে ৷ জনগোষ্ঠীটোৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ কোনো ব্যৱস্থা সোণোৱাল চৰকাৰে নল'লে বুলিও দেই ক্ষোভ প্ৰকাশ কৰিছে ৷ তেওঁ এক অভিযোগ উত্থাপন কৰি কয়, " সোণোৱাল চৰকাৰে এক লাখ ভূমিহীন খিলঞ্জীয়া লোকক ভূমি পট্টা প্ৰদান কৰিছে ৷ মই প্ৰত্যাহ্বান জনাই ক'ব পাৰো যে এজনো হিন্দু বাঙালী লোক এই ব্যৱস্থাৰ অন্তৰ্ভুক্ত নহ'ল। "

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com