Begin typing your search above and press return to search.

ফে'চবুকত ফে'চ মাস্কঃ কৱিড-১৯ৰ বিৰুদ্ধে ফে'চবুকেও আৰম্ভ কৰিলে যুঁজ!

কৰ’না ভাইৰাছক লৈ সমগ্ৰ বিশ্বতে সৃষ্টি হোৱা জটিল সংকটক মূলধন হিচাপে লৈ ধন ঘটাৰ প্ৰতিযোগিতাত নামি পৰিছে একাংশ কোম্পানী

ফেচবুকত ফেচ মাস্কঃ কৱিড-১৯ৰ বিৰুদ্ধে ফেচবুকেও আৰম্ভ কৰিলে যুঁজ!

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 May 2020 8:09 AM GMT

সম্প্ৰতি ভাৰতসহ বিশ্বৰ ৭৬খন দেশ কৰ'না ভাইৰাছৰ গ্ৰাসত। এই পৰ্যন্ত বিশ্বত কৰ'না ভাইৰাছ 'কোবিড-১৯'ত কমেও ৯৩হাজাৰ লোক আক্ৰান্ত হৈছে। ইয়াৰে ২৯৮৪ জন লোকে প্ৰাণ হেৰুৱাইছে। এনে পৰিপ্ৰেক্ষিতত মানুহক খবৰ যোগান ধৰা অন্যতম মাধ্যম ছ'চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকৰ সমুখতো আহি পৰিছে প্ৰত্যাহ্বান। কাৰণ কৰ'না ভাইৰাছক লৈ সমগ্ৰ বিশ্বতে সৃষ্টি হোৱা জটিল সংকটক মূলধন হিচাপে লৈ সম্প্ৰতি ধন ঘটাৰ প্ৰতিযোগিতাত নামি পৰিছে একাংশ কোম্পানী। ইয়াৰ বাবে উক্ত কোম্পানীসমূহে বাছি লৈছে ফেচমাক্সক। এই ফেচমাক্সক লৈ ফে'চবুকত কোম্পানীসমূহে এৰি দিছে একাধিক মিছা আৰু অকল্পনীয় তথ্য।

জুকাৰবাৰ্গে প্ৰকাশ কৰা অনুসৰি কৰ'না ভাইৰাছক বাধা দিব পাৰে বুলি দাবী কৰি কোম্পানীসমূহে সাধাৰণ ফেচমাক্সকে বিক্ৰী কৰিছে কেবাগুণ বেছি দামত। 'এটা কোম্পানীয়ে ফেচমাক্সৰ দাম নিৰ্ধাৰণ কৰিছে ২৯.৯৫ ডলাৰ। তেওঁলোকে দাবী কৰিছে যে এই ফেচমাক্সে কৰ'না ভাইৰাছ অতি সহজে ৰোধ কৰিব পাৰে কিয়নো তাত সংলগ্ন হৈ আছে আধুনিক কাৰ্বন ফিল্টাৰ। আন কেইবাটাও বিজ্ঞাপনত তেনেধৰণৰ একাধিক দাবীৰে ৬৫-১০০ ডলাৰ পৰ্যন্ত ফেচমাক্স বিক্ৰী কৰা হৈছে।'-এনেধৰণৰ কোম্পানীসমূহৰ বিজ্ঞাপন বন্ধ কৰি শীঘ্ৰেই ব্লেকলিষ্টেড কৰাৰ কথা উল্লেখ কৰি জানিবলৈ দিছে জুকাৰবাৰ্গে।

ফেচবুকৰ প্ৰতিষ্ঠাপকগৰাকীয়ে আৰু কয় যে ইউজাৰৰ গোপনীয়তাৰ প্ৰতি সন্মান জনাই অহা বাবেই একাংশ লোকে ইয়াৰে সুযোগ গ্ৰহণ কৰি উৰাবাতৰি বিয়পাই আহিছে। অৱশ্যে এইক্ষেত্ৰত কেবাটাও গ্ৰুপৰ এডমিন আৰু মডাৰেটৰসকলে উৰাবাতৰিৰ বিৰুদ্ধে যুঁজ দি অহাৰ কথাও সদৰী কৰে জুকাৰবাৰ্গে।

আৰু পঢ়িব পাৰেঃ ভাঙি পৰা অৰ্থনীতিক উদ্ধাৰঃ ৰাহুল গান্ধীক কি ক'লে নবেল বিজয়ী অৰ্থনীতিবিদ অভিজিত বেনাৰ্জীয়ে

Next Story