ক'ৰ'নাতংকৰ মাজতে গুৱাহাটীত নিষিদ্ধ ড্ৰাগছসহ ১৯জন গ্ৰেপ্তাৰ

এই ড্ৰাগছখিনিৰ কিছুসংখ্যক ব্ৰাউন ছুগাৰ আৰু আন কিছুসংখ্যক হেৰ'ইন ৷
ক'ৰ'নাতংকৰ মাজতে গুৱাহাটীত নিষিদ্ধ ড্ৰাগছসহ ১৯জন গ্ৰেপ্তাৰ

চৌদিশে ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীৰ মাজতে গুৱাহাটীত জালত পৰিছে নিষিদ্ধ ড্ৰাগছসহ ১৯জন লোক ৷ আৰক্ষী সূত্ৰই জনোৱা মতে, চলিত মাহত আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন স্থানৰ পৰা ১৯ জন ড্ৰাগছ ব্যৱসায়ী ৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে ২১৫.১২গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ জব্দকৃত এই ড্ৰাগছৰ মূল্য ২১.৫লাখ টকা ৷ এই ড্ৰাগছখিনিৰ কিছুসংখ্যক ব্ৰাউন ছুগাৰ আৰু আন কিছুসংখ্যক হেৰ'ইন ৷ তদুপৰি মহানগৰ আৰক্ষীয়ে চলিত মাহত আঠ লাখ টকাৰ নিচাযুক্ত দ্ৰব্য আৰু ছখন বাহন জব্দ কৰে ৷ উল্লেখ্য যে শেহতীয়াভাবে ৰাজ্যৰ বিভিন্ন নগৰ-চহৰ ড্ৰাগছৰ বহু যুৱক-যুৱতী নিষিদ্ধ ড্ৰাগছৰ কবলত পৰা বুলি চৰ্চা হৈ আহিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com