Begin typing your search above and press return to search.

ভাৰত নে ইণ্ডিয়া! দেশৰ নামক লৈ ২ জুনত উচ্চতম ন্যায়ালয়ত শুনানী

দেশৰ নাম ইণ্ডিয়াৰ পৰা ভাৰতলৈ সলনি কৰিলে দেশবাসীৰ মন-মগজুত ৰাষ্ট্ৰীয়তাবোধৰ ভাব ৰোপণ হ'ব।

ভাৰত নে ইণ্ডিয়া! দেশৰ নামক লৈ ২ জুনত উচ্চতম ন্যায়ালয়ত শুনানী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-05-30T12:19:45+05:30

ভাৰত নে ইণ্ডিয়া! দেশৰ নামক লৈ ২ জুনত উচ্চতম ন্যায়ালয়ত শুনানী

ভাৰত নে ইণ্ডিয়া ! দেশৰ নাম প্ৰকৃততে কি হোৱা উচিত! ব্ৰিটিছ ঔপনিৱেশিক শাসকে দিয়া ইণ্ডিয়া নামটো আজিও বৰ্তাই ৰখা কিমান সমীচীন? দেশৰ নাম ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত ৰখাৰ আৰ্জিৰে দিল্লীৰ এজন ব্যক্তি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ব্যক্তিজনে দাখিল কৰা আবেদন গ্ৰহণ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। এই আবেদনৰ শুনানী অহা ২ জুনত গ্ৰহণ কৰিব ন্যায়ালয়ে। আবেদনকাৰীয়ে যুক্তি প্ৰদৰ্শন কৰিছে যে দেশৰ নাম ইণ্ডিয়াৰ পৰা ভাৰতলৈ সলনি কৰিলে দেশবাসীৰ মন-মগজুত ৰাষ্ট্ৰীয়তাবোধৰ ভাব ৰোপণ হব। তদুপৰি ইয়ে ব্ৰিটিছ ঔপনিৱেশিকবাদৰ অশুভ স্মৃতি দেশবাসীৰ মনৰ মনৰ পৰা দূৰ কৰিব। ব্যক্তিজনৰ আবেদনখন গ্ৰহণ কৰি এই সম্পৰ্কত প্ৰতিক্ৰিয়া জনাবলৈ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে। ব্যক্তিজনে কয় যে দেশৰ নাম ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত ৰখাৰ সময় একপ্ৰকাৰ ওকলি গৈছে। তেওঁৰ এই আবেদন গ্ৰহণ কৰিছে দেশৰ মুখ্য বিচাৰপতি এছ এ ববডে নেতৃত্বাধীন এখন পীঠে। অহা দুই জুনত পীঠখনে আবেদনখনৰ শুনানী গ্ৰহণ কৰিব।

Next Story