শীৰ্ষ বাতৰি
আজি ১২ মে'ৰ পৰা দেশত আৰম্ভ আংশিক যাত্ৰীবাহী ৰেলসেৱা
ডিব্ৰুগড় আৰু নতুন দিল্লীৰ পৰা আগৰতলা লৈ চলিব ৰেল
আজি ১২ মে'ৰ পৰা দেশত আৰম্ভ আংশিক যাত্ৰীবাহী ৰেলসেৱা
আজি ১২ মে'ৰ পৰা দেশত পুনৰ আৰম্ভ হৈছে আংশিক ৰেলসেৱা। দিল্লী , চেন্নাই , বেংগালুৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অসমসহ উত্তৰ-পূৱৰ দুঠাইলৈ নতুন দিল্লীৰ দুখন ৰেলৰ যাত্ৰা আৰম্ভ হৈছে। ডিব্ৰুগড় আৰু নতুন দিল্লীৰ পৰা আগৰতলা লৈ চলিব ৰেল ৷
অৱশ্যে কঠোৰ ব্যৱস্থাৰ মাজোৰে পুনৰ ৰেলসেৱা আৰম্ভ কৰা হৈছে। ৰেল ষ্টেচনত প্ৰৱেশৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷ যাৱতীয় স্বাস্থ্য পৰীক্ষা কৰা পাছতহে ৰেল যাত্ৰা সম্ভৱ হব বুলি ৰেলমন্ত্ৰীয়ে প্ৰকাশ কৰিছে।
তুপৰি কেৱল টিকট থকা লোকসকলকহে ষ্টেচনলৈ আহিব দিয়া হব ৷
শ্ৰমিক বিশেষ ট্ৰেইনৰ খৰচ চৰকাৰে দিব যদিও যাত্ৰীবীহী ট্ৰেইনত ব্যক্তিগত খৰচত হে আহিব লাগিব ৷ এই কথা জনালে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁও কাৰ্য্যলয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াই।