ক'ৰ'না আক্ৰান্ত চিনাক্তঃ ২৪ ঘণ্টাতে গুৱাহাটীৰ পাঁচটা স্থানক কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত

এই স্থান তিনিটা হ’ল ইন্দ্ৰপুৰ পাহাৰীয়া অঞ্চল, লিচুবাগান (হেঙেৰাবাৰী) আৰু গীতামন্দিৰৰ বাথৌনগৰ।
ক'ৰ'না আক্ৰান্ত চিনাক্তঃ ২৪ ঘণ্টাতে গুৱাহাটীৰ পাঁচটা স্থানক কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত
Published on

ক'ৰ'না আক্ৰান্ত চিনাক্তঃ ২৪ ঘণ্টাতে গুৱাহাটীৰ পাঁচটা স্থানক কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত

গুৱাহাটী মহানগৰীৰ আৰু তিনিটা স্থানক প্ৰশাসনে ক'ৰ'না কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত কৰিছে।কাৰণ এই স্থানসমূহত ক'ৰ'না আক্ৰান্ত চিনাক্ত হৈছে। এই স্থান তিনিটা হ'ল ইন্দ্ৰপুৰ পাহাৰীয়া অঞ্চল, লিচুবাগান (হেঙেৰাবাৰী) আৰু গীতামন্দিৰৰ বাথৌনগৰ। ইতিমধ্যে এই স্থানসমূহ প্ৰশাসনে ছীল কৰিছে। ইয়াৰ পূৰ্বে প্ৰশাসনে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ একাংশ আৰু গোশালাৰ কৃষ্ণনগৰক কণ্টেইনমেণ্ট অঞ্চলৰূপে চিহ্নিত কৰে। এনেদৰে যোৱা ২৪ ঘণ্টাত মহানগৰীৰ পাঁচটা স্থানক প্ৰশাসনে কণ্টেইনমেণ্ট জনৰূপে চিহ্নিত কৰে।

আনহাতে, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই কণ্টেইনমেণ্ট জ'ন চিহ্নিত কৰা এই কণ্টেইনমেণ্ট জ'নসমূহৰ চাৰিসীমা নিম্নোক্ত ধৰণে হ'বঃ

১) ইন্দ্ৰপুৰ পাহাৰীয়া অঞ্চলঃ

ক) উত্তৰঃ মেডিকেল কলেজৰ ছাত্ৰাবাস

খ) দক্ষিণঃ পাহাৰীয়া অঞ্চল

গ) পূবঃ দশম অসম আৰক্ষী বেটেলিয়নৰ শিবিৰ

ঘ) পশ্চিমঃ ইন্দ্ৰপুৰৰ অংশ

২) লিচুবাগানৰ কণ্টেইনমেণ্ট মণ্ডলৰ চাৰিসীমাঃ

ক) উত্তৰঃ শ্মশান পথ

খ) দক্ষিণঃ নিজাৰপুৰ পথ

গ) পূবঃ ভূপেন দাসৰ বাসভৱন

ঘ) পশ্চিমঃ লক্ষ্মীনগৰ লিংক ৰোড

৩) বাথৌনগৰ কণ্টেইনমেণ্ট মণ্ডলৰ চাৰিসীমাঃ

ক) উত্তৰঃ ফাকুৰাম

খ) দক্ষিণঃ অসম ৰাজ্যিক চিৰিয়াখানা

গ) পূবঃ জাপৰীগোগ পাহাৰ

ঘ) পশ্চিমঃ গাঁও পথ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com