তলাবন্ধত শ্ৰীলংকাত আবদ্ধ ৭০০ভাৰতীয়ঃ উদ্ধাৰৰ বাবে উপস্থিত নৌসেনাৰ জলশ্বা

চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত সামাজিক দূৰত্বৰ নিয়ম জাহাজখনৰ ভিতৰতো বৰ্তাই ৰখা হ'ব।
তলাবন্ধত শ্ৰীলংকাত আবদ্ধ ৭০০ভাৰতীয়ঃ উদ্ধাৰৰ বাবে উপস্থিত নৌসেনাৰ জলশ্বা

তলাবন্ধত শ্ৰীলংকাত আবদ্ধ ৭০০ভাৰতীয়ঃ উদ্ধাৰৰ বাবে উপস্থিত নৌসেনাৰ জলশ্বা

ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে ঘোষিত তলাবন্ধৰ সময়ছোৱাত শ্ৰীলংকাত আবদ্ধ হৈ পৰে সাতশ ভাৰতীয় লোক ৷ সম্প্ৰতি এইসকল ভাৰতীয় নাগৰিকক দেশলৈ উভতাই অনাৰ উদ্দেশ্যে কলম্বোত উপস্থিত হৈছে ভাৰতীয় নৌ-সেনাৰ আই এন এছ জলশ্বা ৷ অভিযান সমুদ্ৰ সেতুৰ দ্বিতীয়টো পৰ্যায়ৰ অংশৰূপে আই এন এছ জলশ্বা কলম্বোত উপস্থিত হৈছে ৷ এই সমুদ্ৰ সেতু হৈছে ভাৰত চৰকাৰৰ অভিলাসী বন্দে ভাৰত মিছনৰ অংশ। সোমবাৰে কলম্বো উপকূলত উপস্থিত হোৱা আই এন এছ জলসাই শ্ৰীলংকাত আবদ্ধ সাতশ ভাৰতীয়ক লৈ উভতি আহিব ৷ উভতি আহি জাহাজখন তামিলনাডুৰ টুটিকৰণৰ উপকূলত উপস্থিত হ'ব ৷ এই সম্পৰ্কত শীৰ্ষ সেনা বিষয়াই জনোৱা মতে, জাহাজখনক গ্ৰীণ, ৰেড আৰু অৰেঞ্জ জ'নত ভাগ কৰা হৈছে ৷ ইয়াৰ কাৰণ হৈছে চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত সামাজিক দূৰত্বৰ নিয়ম জাহাজখনৰ ভিতৰতো বৰ্তাই ৰখা ৷ আনহাতে, আই এন এছ জলশ্বাৰ কাৰ্যবাহী বিষয়া কমাণ্ডাৰ গৌৰৱ দুৰ্গাপালে কয় যে জাহাজৰ ভিতৰৰ ৰেড জ'নত উদ্ধাৰ কৰা এই ভাৰতীয়সকলক ৰখা হ'ব ৷ আনহাতে, অৰেঞ্জ জ'নত তেওঁলোকক চোৱাচিতাৰ বাবে নিয়াসকলক আৰু গ্ৰীণ জ'নত নৌ-সেনাৰ বিষয়া-কৰ্মচাৰী আৰু নাবিকসকল থাকিব ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com