ক'ৰ'নাই হাৰ মানিলে ৯৩বছৰীয়া জিবিনি দেৱী বেইডৰ ওচৰত

পাছত সুস্থ হোৱাত তেওঁক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে
ক'ৰ'নাই হাৰ মানিলে ৯৩বছৰীয়া জিবিনি দেৱী বেইডৰ ওচৰত
Published on

ক'ৰ'না মহামাৰীয়ে হাৰ মানিলে এগৰাকী অশীতিপৰীয়া বৃদ্ধাৰ ওচৰত। গুৱাহাটীৰ জিবিনি দেৱী বেইড নামৰ ৯৩ বছৰীয়া বৃদ্ধাগৰাকী আক্ৰান্ত হৈছিল বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰ'না মহামাৰীত। সৌভাগ্যবশতঃ বৃদ্ধাগৰাকী সুস্থ হৈছে। তেওঁ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন হৈছিল। পাছত সুস্থ হোৱাত তেওঁক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।

এই কথা সদৰী কৰি এটা টুইটত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, " প্ৰতিকূলতাৰ মাজতো এক সুখৰ বতৰা। ক'ৰ'নাত আক্ৰান্ত হোৱা ৯৩ বছৰীয়া জিবিনি দেৱা বেইডে সুস্থ হৈ হাস্পতালৰ পৰা ঘৰমুৱা হৈছে।ই এক অতুলনীয় ঘটনা । আমাৰ চিকিত্সকলৰো পৰিশ্ৰমৰ ফল"। উল্লেখ্য যে গুৱাহাটীত প্ৰতিদিনে শ শ লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈ থকাৰ সময়তে এই বৃদ্ধাগৰাকী সুস্থ হৈছে। এই খবৰে বহুতৰে মনৰ পৰা ভয়-আতংক দূৰ কৰাৰ সম্ভাৱনা আছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com