এইবাৰৰ কামাখ্যা দেৱালয়ৰ অম্বুবাচীত কোনো তীৰ্থযাত্ৰীয়ে অংশ ল'ব নোৱাৰিব

অহা ২২জুনৰ ৭-৫৩বজাৰ পৰা ২৫ জুনৰ ৮-১৬বজালৈ থাকিব ।
এইবাৰৰ কামাখ্যা দেৱালয়ৰ অম্বুবাচীত কোনো তীৰ্থযাত্ৰীয়ে অংশ ল'ব নোৱাৰিব

ক'ৰ'না মহামাৰীৰ ভয়াবহ প্ৰাদুৰ্ভাবৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ অম্বুবাচী মেলাত কোনো ভক্ত তথা তীৰ্থযাত্ৰীক অংশ লোৱাৰ অনুমতি নিদিয়ে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই। এই মহামাৰীৰ যাতে অধিক সংক্ৰমিত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দেৱালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অম্বুবাচী অহা ২২জুনৰ ৭-৫৩বজাৰ পৰা ২৫ জুনৰ ৮-১৬বজালৈ থাকিব।এই বাৰ্ষিক ধৰ্মীয় উত্সৱৰ উক্ত দিনকেইটাত এইবাৰ কামাখ্যা মন্দিৰত এমুঠিমান পুৰোহিতে সম্পন্ন কৰিব বুলি দেৱালয় কৰ্তৃপক্ষই সদৰী কৰিছে। বন্ধ দুৱাৰৰ ভিতৰত এইসকল পুৰোহিতে ধৰ্মীয় নীতি-নিয়ম পালন কৰিব।এই কথা সদৰী কৰি কামাখ্যা মন্দিৰৰ অন্যতম পুৰোহিত ৰিদীপ শৰ্মাই দ্যা ছেণ্টিনেল ডিজিটেলক কয়, " যদিও এইবাৰ অম্বুবাচী মেলা বাতিল কৰা হৈছে, তথাপি মহাযোগৰ সকলো ধৰ্মীয় নীতি—নিয়ম পালন কৰা হ'ব। এইবাৰ অম্বুবাচী উপলক্ষ্যে ভক্তৰ বাবে থকা-খোৱাৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নহ'ব। পাহাৰৰ পাদদেশত আৰক্ষী নিয়োগ কৰি ৰখা হ'ব যাতে কোনো লোকে অম্বুবাচীৰ কেইদিনত কামাখ্যা ধামত প্ৰৱেশ কৰিব নোৱাৰে। অম্বুবাচীৰ কেইদিনত সাধাৰণ মানুহে প্ৰৱেশ কৰিব নোৱৰাকৈ দেৱালয়ৰ সকলো প্ৰৱেশদ্বাৰ বন্ধ ৰখা হ'ব। দেৱালয় সমিতিয়ে জানিবলৈ দিয়া মতে, অম্বুবাচীত সাধু-সন্যাসী আদিকো প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব।

উল্লেখ্য যে প্ৰদানমন্ত্ৰী মোদীয়ে প্ৰথম পৰ্যায়ৰ তলাবন্ধ ঘোষণা কৰাৰ আগৰে পৰা তথা যোৱা ২০ মাৰ্চৰ পৰা কামাখ্যা মন্দিৰ ভক্ত-দৰ্শনাৰ্থীৰ বাবে বন্ধ ৰখা হৈছে।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com