ক'ৰ'নাত মৃত্যু কাৰ্বি আংলঙৰ ডি এফ অ' জয় সিং বে'ৰ

জিলাখনত ক’ৰ’নাত মৃতৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পাইছে।
ক'ৰ'নাত মৃত্যু কাৰ্বি আংলঙৰ ডি এফ অ' জয় সিং বে'ৰ

ক'ৰ'না মহামাৰীত মৃত্যু হ'ল কাৰ্বি আংলঙৰ মাণ্ডলিক বন বিষয়া (ডি এফ অ') জয় সিং বে'ৰ। প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত বে'ৰ মৃত্যু হয়। তেওঁ কাৰ্বি আংলং পশ্চিম বন মণ্ডলৰ ডি এফ অ' আছিল। ইয়াৰ লগে লগে জিলাখনত ক'ৰ'নাত মৃতৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পাইছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com