উত্তৰ-পূবৰ বাবে কৃষি উড়ন আঁচনি মুকলি

তেওঁ কয় যে এই আঁচনিখনৰ জৰিয়তে উত্তৰ-পূবৰ কৃষক ৰাইজ আৰু গ্ৰামাঞ্চলৰ লোকক আৰ্থিকভাবে উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে।
উত্তৰ-পূবৰ বাবে কৃষি উড়ন আঁচনি মুকলি

উত্তৰ-পূবত উত্পাদিত কৃষিজাত সামগ্ৰীক এখন বৃহত বজাৰ দিয়াৰ লক্ষ্যৰে অৱশেষত ভাৰতীয় বিমানকোঠ কৰ্তৃপক্ষ(এ এ আই)— আৰম্ভ কৰিছে কৃষি উড়ন আঁচনি। বুধবাৰে এই অভিলাসী আঁচনি মুকলি কৰা হয়। আঁচনিখন মুকলি কৰাৰ পাছত ভাৰতীয় বিমানকোঠ কৰ্তৃপক্ষৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক(উত্তৰ-পূব)সঞ্জীৱ জিন্দালে কয় যে উত্তৰ-পূবৰ বাবে এই আঁচনি মুকলি কৰাটো তেওঁৰ এক সপোন আছিল।

ইয়াৰ জৰিয়তে অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ কৃষকসকল বহুলভাবে উপকৃত হব বুলি জিন্দালে আশা প্ৰকাশ কৰিছে। তেওঁ কয় যে এই আঁচনিখনৰ জৰিয়তে উত্তৰ-পূবৰ কৃষক ৰাইজ আৰু গ্ৰামাঞ্চলৰ লোকক আৰ্থিকভাবে উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে। দেশৰ যিবোৰ স্থানত উত্তৰ—ূপূবত উত্পাদিত কৃষিজাত সামগ্ৰীৰ দাম অধিক সেইবোৰ স্থানলৈ এই অঞ্চলৰ কৃষকসকলে কৃষিজাত সামগ্ৰী প্ৰেৰণৰ সুবিধা মুকলি হৈছে বুলি তেওঁ লগতে মন্তব্য কৰে। আনহাতে, এ এ আইৰ এজন বিষয়াই কয় যে এই কৃষি উড়ন আঁচনিৰ অধীনত কালি প্ৰথমখন মালবাহী বিমান কলকাতাৰ পৰা আহি মিজোৰামৰ ৰাজধানী আইজলত উপস্থিত হয়।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com