Begin typing your search above and press return to search.

হোজাইৰ বান পৰিস্থিতি পুনৰীক্ষণ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ

Kumar Sanjay Krishna

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 May 2020 7:37 AM GMT

হোজাইৰ বান পৰিস্থিতি পুনৰীক্ষণ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ

মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই বৃহস্পতিবাৰে হোজাই জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি পুনৰীক্ষণ কৰে । লগতে সাম্প্ৰতিক বানৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনৰ দ্বাৰা বানৰ ক্ষতিগ্ৰস্ত অঞ্চল সমূহৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে । মুখ্য সচিবে কপিলী নদীৰ জলস্তৰৰ বৃদ্ধিৰ বাবে হোৱা বান পৰিস্থিতিৰ সমীক্ষা কৰে ।‌ লগতে তেওঁ সিংগাৰি বস্তী নিম্ন প্ৰাথমিক বিদ্যালয়ত অৱস্থিত শিবিৰত উপস্থিত হয় আৰু বানাক্ৰান্তসকলৰ সৈতে মত বিনিময় কৰে। মুখ্য সচিবে শিবিৰত আৱশ্যকীয় সামগ্ৰী , খাদ্য , পানী , ঔষধ আদিৰ যোগান ধৰা বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে । জিলা খনৰ প্ৰায় ৫৫ খন গাঁও বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি হোজাইৰ এছ পি অংকুৰ জৈনে জিলা প্ৰশাসনে লোৱা বিভিন্ন ব্যৱস্থাৰ বিষয়ে মুখ্য সচিব গৰাকীক অবগত কৰে ।

মুখ্য সচিব গৰাকীয়ে নগাঁও জিলাতো উপস্থিত হয় আৰু জিলা উপায়ুক্তৰ পৰা ঠাই খনৰ বন্যাক্ৰান্ত সকলৰ বুজ লয় ।‌এই পৰিদৰ্শনৰ সময়চোৱাত মুখ্য সচিব গৰাকীক লগ দিয়ে মলয় বৰাই ।

Next Story
চাকৰি