লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনা পূৰ্ব-পৰিকল্পিত আছিলঃ এছ আই টি

ঘটনাৰ তদন্তকাৰী বিদ্যাৰাম দিবাকৰে দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰিছে যে এই ঘটনা এটা পূৰ্ব-পৰিকল্পিত ষড়যন্ত্ৰ আছিল
লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনা পূৰ্ব-পৰিকল্পিত আছিলঃ এছ আই টি
Published on: 

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত যোৱা অক্টোবৰত সংঘটিত হিংসাত্মক ঘটনা এক পূৰ্ব পৰিকল্পনাৰ অংশ আছিল। ইয়াৰ উদ্দেশ্য আছিল প্ৰতিবাদকাৰী কৃষকক হত্য কৰা। ঘটনাৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী গোটে (এছ আই টি)এই কথা উল্লেখ কৰিছে। এই এছ আই টিয়ে এই পৰিকল্পনা ৰচনা কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য ন্যায়িক দণ্ডাধীশক আবেদন জনাইছে।

অৱশ্যে লখিমপুৰ খেৰীৰ এই হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত তথা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিষ মিত্ৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩০৭ ধাৰা (হত্যাৰ চেষ্টা চলোৱা), ৩২৬ (বিপজ্জনক অস্ত্ৰেৰে আঘাত হনা) আৰু ৩৪ ধাৰা আৰু অস্ত্ৰ আইনৰ ৩/২৫ ধাৰা আৰোপৰ বাবে আদালতৰ অনুমতি বিচাৰিছে।

ঘটনাৰ তদন্তকাৰী বিদ্যাৰাম দিবাকৰে দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰিছে যে এই ঘটনা দুৰ্ঘটনা নহয়, বৰঞ্চ ই এটা পূৰ্ব-পৰিকল্পিত ষড়যন্ত্ৰ। প্ৰতিবাদকাৰী কৃষকক হত্যাৰ উদ্দেশ্যে এই ষড়যন্ত্ৰ কৰা হৈছিল বুলি এছ আই টিয়ে প্ৰতিবেদনত উল্লেখ কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com