নৱেম্বৰত লখিমপুৰ মেডিকেল কলেজ মুকলিৰ সম্ভাৱনাঃ স্বাস্থ্য মন্ত্ৰী

আনহাতে, ধুবুৰী আৰু নগাঁও মেডিকেল কলেজ অহা বছৰ মুকলি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে স্বাস্থ্য মন্ত্ৰীয়ে।
নৱেম্বৰত লখিমপুৰ মেডিকেল কলেজ মুকলিৰ সম্ভাৱনাঃ স্বাস্থ্য মন্ত্ৰী

চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা লখিমপুৰ মেডিকেল কলেজ মুকলি তথা এই নতুন মেডিকেল কলেজ হাস্পতালৰ কাম-কাজ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আজি এনে এক সম্ভাৱনা ব্যক্ত কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মেডিকেল কলেজত এক অনুষ্ঠানত কয় যে অহা নৱেম্বৰৰ পৰা লখিমপুৰ মেডিকলে কলেজ কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। আনহাতে, ধুবুৰী আৰু নগাঁও মেডিকেল কলেজ অহা বছৰ মুকলি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে স্বাস্থ্য মন্ত্ৰীয়ে।

তেওঁ লগতে এই কথা পুনৰ উল্লেখ কৰে যে বিশ্বনাথ চাৰিআলি, গোৱালপাৰা, কৰিমগঞ্জ আৰু চৰাইদেউত নতুন মেডিকেল কলেজ স্থাপন কৰা হ'ব। চলিত বৰ্ষত ৰাজ্য চৰকাৰে দুখন মেডিকেল কলেজৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল। এই মেডিকেল কলেজ দুখন হৈছে লখিমপুৰ আৰু ডিফু মেডিকেল কলেজ। উক্ত অনুষ্ঠানত লখিমপুৰ মেডিকেল কলেজৰ ২০১গৰাকী নাৰ্ছ আৰু গ্ৰামাঞ্চলত নিয়োজিত ১৫৭জন চিকিতসকক নিযুক্তিপত্ৰ বিতৰণ কৰা হয়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com