২৯ নৱেম্বৰত প্ৰকাশ পাব মন্ত্ৰী স্মৃতি ইৰানীৰ জীৱনৰ প্ৰথমখন উপন্যাসে

এই উপন্যাসৰ কাহিনী ২০১০ৰ এপ্ৰিলত চত্তিশগড়ৰ ডাণ্টেৱাড়াত ৭৬ জন চি আৰ পিয়ে প্ৰাণ হেৰুওৱা মৰ্মন্তুদ ঘটনাটো আধাৰিত।
২৯ নৱেম্বৰত প্ৰকাশ পাব মন্ত্ৰী স্মৃতি ইৰানীৰ জীৱনৰ প্ৰথমখন উপন্যাসে

এইবাৰ লেখিকাৰূপে আত্মপ্ৰকাশ ঘটাইছে কেন্দ্ৰীয় শিশু আৰু নাৰী উন্নয়ন মন্ত্ৰী স্মৃতি জুবিন ইৰানীয়ে ৷ অভিনেত্ৰীৰূপেও সুনাম থকা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ জীৱনৰ প্ৰথমখন উপন্যাস অহা ২৯ নৱেম্বৰত প্ৰকাশ পাব ৷ তেওঁৰ এই উপন্যাসৰ নাম "লাল চালাম"৷ উপন্যাসখন প্ৰকাশ কৰিছে ৱেষ্টলেণ্ড পাব্লিছাৰ্চে। উপন্যাসখন সন্দৰ্ভত প্ৰকাশক কাৰ্তিক ভি কেই কয় যে এই উপন্যাসে পঢ়ুৱৈক আৰম্ভণিৰ পৰা শেষলৈকে মন্ত্ৰমুগ্ধ কৰি ৰাখিব। উপন্যাসখন থ্ৰীলাৰ  উপন্যস বুলিও তেওঁ উল্লেখ কৰে।

" এই উপন্যাসৰ কাহিনী  ২০১০ৰ এপ্ৰিলত চত্তিশগড়ৰ ডাণ্টেৱাড়াত ৭৬ জন চি আৰ পিয়ে প্ৰাণ হেৰুওৱা মৰ্মন্তুদ ঘটনাটো আধাৰিত। অনেক প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজৰ কথা এই উপন্যাসত বৰ্ণিত হৈছে", প্ৰকাশক ভি কেই এইদৰে কয়। এই উপন্যাসৰ জৰিয়তে দেশৰ বাবে প্ৰাণ বিসৰ্জন দিয়াসকল, বিশেষকৈ মাওবাদীৰ হাতত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনোৱা হৈছে। উপন্যাসখনত এজন যুৱ নিৰাপত্তা বিষয়া বিক্ৰম প্ৰতাপ সিঙৰ জীৱন যাত্ৰা আৰু অ-নীতিৰে ভৰ-পূৰ ব্যৱস্থাটোৰ বিৰুদ্ধে তেওঁ কেনেদৰে থিয় দিছে, সেয়া বৰ্ণনা কৰা হৈছে।

আনহাতে, জীৱনৰ প্ৰথমখন উপন্যাস সন্দৰ্ভত মন্ত্ৰী ইৰানীয়ে কয় যে তেওঁৰ মনলৈ আকস্মিকভাবে ডাণ্টেৱাড়াৰ ঘটনাটোক লিখিত ৰূপ দিয়াৰ কথা মনলৈ আহে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com