৯২বছৰ বয়সত ভৰি দিলে কিম্বদন্তি শিল্পী লতা মঙ্গেশকাৰে

৯২বছৰ বয়সত ভৰি দিলে কিম্বদন্তি শিল্পী লতা মঙ্গেশকাৰে

কণ্ঠশিল্পীগৰাকীয়ে জনায় যে কভিদ প্ৰট'কল মানি এই জন্মদিন তেওঁ সৰুকৈ উদযাপন কৰিব।
Published on

জীৱনৰ ৯২টা বছৰ গৰকিলে কালজয়ী কণ্ঠশিল্পী লতা মঙ্গশকাৰে। জীৱনৰ এই বিশেষ দিনটোত পৰিয়ালবৰ্গৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰিব কিম্বদন্তি শিল্পীগৰাকীয়ে। এটা সাক্ষাৎকাৰত মনৰ ভাব ব্যক্ত কৰি গৰাকীয়ে কয়, " ভগৱান আৰু মোৰ অভিভাৱকৰ আশীৰ্বাদত ৯২সংখ্যক বছৰত ভৰি দিলোহি। ভগৱানক আমাৰ দেশৰ উন্নতি কাৰণে প্ৰাৰ্থনা কৰিম।" কণ্ঠশিল্পীগৰাকীয়ে জনায় যে কভিদ প্ৰট'কল মানি এই জন্মদিন তেওঁ সৰুকৈ উদযাপন কৰিব। কেৱল পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু সকলকহে আজিৰ নৈশ আহাৰ গ্ৰহণৰ বাবে নিমন্ত্ৰণ কৰা হৈছে।

মুম্বাইত নিজৰ দীঘলীয়া যাত্ৰাৰ বিষয়ে সুঁৱৰি শিল্পীগৰাকীয়ে আৰু কয়," মোৰ মনত পৰে ঠাণ্ডা বতাহ মাৰি থকা সেই কম যাত্ৰীৰে ভৰা ট্ৰেইনৰ যাত্ৰাবোৰ, যেতিয়া সঘনাই ৰেকৰ্ডিঙৰ কামৰ বাবে মালাদলৈ আহিব লগা হৈছিল।"

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজি পুৱাই ব্যক্তিগতভাবে ফোন কৰি ভাৰত ৰত্নৰে বিভূষিত কণ্ঠশিল্পীগৰাকী লৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com