ৰাজ্যত পুৱা ১০বজাৰ পৰা নিশা ৮ বজালৈ সুৰাৰ বিপণী খোলা ৰখাৰ অনুমতি

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৪০-৩/২০২০-ডি এম-১(এ) ৩০/০৫/২০২০ নিৰ্দেশনা অনুসৰি সুৰাৰ বৈধসমূহ মুকলি কৰাৰ অনুমতি দিয়া হৈছে
ৰাজ্যত পুৱা ১০বজাৰ পৰা নিশা ৮ বজালৈ সুৰাৰ বিপণী খোলা ৰখাৰ অনুমতি

ৰাজ্যত পুৱা ১০বজাৰ পৰা নিশা ৮ বজালৈ সুৰাৰ বিপণী খোলা ৰখাৰ অনুমতি

অসমত এতিয়াৰে পৰা পুৱা ১০বজাৰ পৰা নিশা আঠ বজালৈ খোলা সুৰাৰ বিপণী৷ সোমবাৰে এক জাননীযোগে এই কথা প্ৰকাশ কৰে ৰাজ্যৰ আবকাৰী বিভাগৰ অতিৰিক্ত আয়ুক্ত (ভাৰপ্ৰাপ্ত)ই ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৪০-৩/২০২০-ডি এম-১(এ) ৩০/০৫/২০২০ নিৰ্দেশনা অনুসৰি সুৰাৰ বৈধসমূহ এনেদৰে মুকলি কৰাৰ অনুমতি দিয়া হৈছে বুলি উক্ত নিৰ্দেশনাত কোৱা হৈছে ৷ সেই অনুসৰি এতিয়াৰে পৰা ৰাজ্যত পুৱা ১০বজাৰ পৰা নিশা ৮বজালৈ সুৰাৰ বিপণী ব্যৱসায়ীসকলে খোলা ৰাখিব পাৰিব ৷ ইয়াৰ পূৰ্বে বিগত মাহত ৰাজ্য চৰকাৰে সুৰাৰ দাম ২৫শতাংশ বৃদ্ধি কৰে ৷ এনেদৰে বৃদ্ধি কৰাৰ যুক্তি প্ৰদৰ্শন কৰি উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে চৰকাৰে সুৰাৰ পৰা বছৰি অতিৰিক্ত এহেজাৰ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য লৈছে ৷ এনে কাৰণতে চৰকাৰে সুৰাৰ দাম বৃদ্ধি কৰিছে ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com