ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধত ব্যৰ্থ হৈছে তলাবন্ধঃ গগৈৰ অভিযোগ

ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধত ব্যৰ্থ হৈছে তলাবন্ধঃ গগৈৰ অভিযোগ
Published on: 

মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধত তলাবন্ধ ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈয়ে। আজি দ্য ছেণ্টিনেল ডিজিটেলৰ সৈতে হোৱা এক বাৰ্তালাপত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীীয়ে কয় যে তলাবন্ধৰ সময়ছোৱাত সাদাৰণ লোকে যি যন্ত্ৰণাৰ সন্মুখীন হৈছে, সেই যন্ত্ৰণা দূৰ কৰাৰ উদ্দেশ্যে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাইজে নিৰ্ধাৰিত নীতি-নিয়ম কঠোৰভাবে মানি চলিব লাগিব বুলি মন্তব্য কৰি গগৈয়ে লগতে কয়," মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিব লাগে। সামাজিক দূৰত্ব মানি চলিব লাগে। ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ ৰম্যপুৰীত পৰিণত হোৱা স্থানসমূহৰ ক্ষেত্ৰত উপযুক্ত বিধি-ব্যৱস্থা গ্ৰহণ কৰা উচিত। কিন্তু এই তলাবন্ধৰ ফল বিপৰীত হৈছে"।লকডাউনে কোনো সমস্যাই সমধান কৰিব পৰা নাই বুলিও গগৈয়ে ক্ষোভ প্ৰকাশ কৰে।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com