Begin typing your search above and press return to search.

তলাবন্ধই ইস্পিত লক্ষ্য পূৰণ কৰিব নোৱাৰিলেঃ মোদী চৰকাৰক সমালোচনা ৰাহুলৰ

ৰাহুলে আগন্তক দিনৰ বাবে মোদী চৰকাৰে ক’ৰ’না মহামাৰী নিয়ন্ত্ৰণৰ বাবে কি কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও প্ৰশ্ন কৰে

তলাবন্ধই ইস্পিত লক্ষ্য পূৰণ কৰিব  নোৱাৰিলেঃ মোদী চৰকাৰক  সমালোচনা ৰাহুলৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 May 2020 10:03 AM GMT

তলাবন্ধই ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি উন্নত কৰিব নোৱাৰিলেঃ মোদী চৰকাৰক তীব্ৰ সমালোচনা ৰাহুলৰ

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰ'না মহামাৰী ৰোধৰ উদ্দেশ্যে দেশত ঘোষণা কৰা তলাবন্ধ অথবা ল'ক-ডাউনে পৰিস্থিতি মুঠেই উন্নত কৰিব নোৱাৰিলে নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ এই দীঘলীয়া লক-ডাউনে ইস্পিত লক্ষ্য পূৰণ কৰিব নোৱাৰিলে বুলি মন্তব্য কৰি ৰাহুলে আগন্তক দিনৰ বাবে মোদী চৰকাৰে ক'ৰ'না মহামাৰী নিয়ন্ত্ৰণৰ বাবে কি কাৰ্যসূচী গ্ৰহণ কৰিছে বুলিও প্ৰশ্ন কৰে ৷ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে কয় যে লক-ডাউন আৰোপৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীয়ে যি আহৰণৰ লক্ষ্য লৈছিল, সেই লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হ'ল ৷ " এয়া স্পষ্ট হৈছে যে চাৰিটা পৰ্যায়ৰ ল'ক-ডাউনৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে যি লক্ষ্যত উপনীত হোৱাৰ আঁচনি লৈছিল, সেই আঁচনি ব্যৰ্থ হ'ল ৷ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ উপদেষ্টা মণ্ডলী( বিশেষজ্ঞ চিকিৎসককে ধৰি)য়ে মে'ৰ অন্তিমৰ পৰা দেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যা হ্ৰাস পাব বুলি কৈছিল ৷ কিন্তু দুখৰ বিষয় যে দেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে," ৰাহুলে এইদৰে কয় ৷ প্ৰধানমন্ত্ৰী মোদীক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰি ৰাহুলে আৰু কয়, " আমাক কোৱা হৈছিল যে ২১দিনত ক'ৰ'নাবিৰোধী যুঁজখনৰ অন্ত পৰিব ৷ কিন্তু ৬০দিন পাৰ হ'ল ৷ ৰোগ আগবাঢ়ি আছে ৷ মই চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে কথাপাতি জানিব পাৰিছো যে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷"

কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে এইবুলিও অভিযোগ কৰে যে কংগ্ৰেছশাসিত ৰাজ্যসমূহে কোনো সহায় অবিহনে অকলে ক'ৰ'না মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰা ২০লাখ কোটিটকীয়া পেকেজক লৈও ৰাহুলে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে ৷ তেওঁ অভিযোগ কৰে যে যদিও মোদীয়ে জি ডি পিৰ ১০শতাংশৰ জৰিয়তে ২০লাখ কোটি টকাৰ পেকেজ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৷ দৰাচলতে এই পেকেজৰ পৰিমাণ জি ডি পিৰ এক শতাংশহে বুলি ৰাহুলে মন্তব্য কৰে ৷

উল্লেখ্য যে সম্প্ৰতি দেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যা এক লাখ ৪৫হেজাৰলৈ বৃদ্ধি পাইছে ৷

Next Story