২৪ আগষ্টত মুকলি হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত ঋজ্জু পথ

২৪ আগষ্টত মুকলি হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত ঋজ্জু পথ

এই ঋজ্জু পথ অহৰ্নিশে চিচি টিভিৰ নিৰীক্ষণত থাকিব। ইতিমধ্যে চিচি টিভি স্থাপনৰ কাম সম্পূৰ্ণ হৈছে।
Published on

ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ মাজতে অহা ২৪ আগষ্ট অৰ্থাত্ সোমবাৰে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত মুকলি হ'ব দেশৰে সৰ্বাধিক দূৰত্বৰ ঋজ্জু পথ বা ৰ'প ৱে। অসম চৰকাৰে এই ৰজ্জু পথ মুকলি কৰিব। এই উপলক্ষ্যে আয়োজিত হবলগা অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণো উপস্থিত থকাৰ সম্ভাৱনা আছে।

গুৱাহাটী আৰু উত্তৰ-গুৱাহাটীক সংযোগ কৰিবলগা এই ঋজ্জু পথ উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুকলিৰ পাছতে মানুহে এই ঋজ্জু পথেৰে অহা-যোৱা কৰিব পাৰিব। ইয়াৰ একোটা টিকটৰ মূল্য ৬০ টকা হব। এই ঋজ্জু পথ অহৰ্নিশে চিচি টিভিৰ নিৰীক্ষণত থাকিব। ইতিমধ্যে চিচি টিভি স্থাপনৰ কাম সম্পূৰ্ণ হৈছে। উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ঘোষণা কৰে যে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ঋজ্জু পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ দিশত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com