Begin typing your search above and press return to search.

মৃত অৱস্থাত এজনক উদ্ধাৰ পল্টন বজাৰ ৰেলৱে আৱাসগৃহৰ পৰা

কালিবাৰি অঞ্চলত অৱস্থিত ৰেলৱে আৱাসগৃহৰ পৰা যোৱাকালি বিয়লি ৪বজাত উদ্ধাৰ কৰা হয় ব্যক্তি গৰাকীৰ মৃতদেহটো

মৃত অৱস্থাত এজনক উদ্ধাৰ পল্টন বজাৰ ৰেলৱে আৱাসগৃহৰ পৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Nov 2021 12:01 PM GMT

এক আচৰ্য্যপূৰ্ণ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ পল্টন বজাৰত। অঞ্চলটোত স্থিত ৰেলৱে আৱাসগৃহৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী ব্যক্তিক।

জানিব পৰা মতে মৃতক ব্যক্তি গৰাকীৰ নাম, নাৰায়ণ চক্ৰৱৰ্তী। কালিবাৰি অঞ্চলত অৱস্থিত ৰেলৱে আৱাসগৃহৰ পৰা যোৱাকালি বিয়লি ৪বজাত উদ্ধাৰ কৰা হয় ব্যক্তি গৰাকীৰ মৃতদেহটো।

খবৰ অনুসৰি মৃতক ব্যক্তি গৰাকী বিত্তি ক্ৰমে ৰেলৱে অধীনৰ চৰকাৰী আৱাস গৃহৰ হাউচকিপাৰ আৰু লগতে কালিবাৰি কালি মন্দিৰৰ মুখ্য পুৰোহিত আছিল। মৃতক গৰাকীৰ শৰীৰ উদ্ধাৰ কৰা হয় সঞ্জীৱ চৌধুৰী নামৰ এগৰাকী ৰেল কৰ্মীৰ ঘৰৰ পৰা। উল্লেখযোগ্য যে চট পূজাৰ উদযাপনৰ সঞ্জীৱ চৌধুৰী চহৰৰ বাহিৰত আছিল।

চট পূজাৰ উদযাপনৰ বাবে হাউচকিপাৰ নাৰায়ণক এৰি পৰিয়াল সহ নিজৰ ঘৰ ধুবুৰীলৈ গৈছিল ৰেল কৰ্মী চৌধুৰী। ইফালে আৰক্ষীয়ে বৰ্তমান লৈকে চক্ৰবৰ্তীৰ মৃত্যুৰ বিষয়ৰ কোনো ধৰণৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

অৱশ্যে এই মৃত্যুৰ সন্দৰ্ভত আটক কৰা হৈছে ৪গৰাকী ব্যক্তিক। এই লোক সকল ক্ৰমে মৌচুমী চক্ৰৱৰ্তী (মৃতকৰ পত্নী), বৃষ্টি চক্ৰৱৰ্তী (মৃতক কন্যা) আৰু সত্য নাৰায়ণ (চুবুৰীয়া)। অৱশ্যে, বৰ্তমান সময়ত এই অপৰাধ সম্বন্ধীয় অনুসন্ধানত নামি পৰিছে গুৱাহাটী আৰক্ষী আৰু চি আই ডি বিষয়া সকল।

অন্যহাতে, কিছু দিন পূৰ্বে গুৱাহাটীৰ, মালিগাওঁ অঞ্চলত গুৰুতৰ ভাৱে প্ৰহাৰ কৰি হত্যা কৰা হয় এগৰাকী নিৰাপত্তাৰক্ষী পাছতে, যোৱা বুধবাৰে এন এফ ৰেলৱেৰ, সাধাৰণ প্ৰবন্ধকৰ কাৰ্যালয়ত ৰহস্যত্বক ভাৱে উদ্ধাৰ কৰা হয় এগৰাকী ৰেল কৰ্মীৰ মৃতদেহ।

ভুক্তভোগী গৰাকীৰ চিনাকী কৰণ কৰা হৈছে আফাজ আলি চৌধুৰী হিচাপে। চৌধুৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল কাৰ্য্যালয়ৰ পাছ ফালৰ অংশৰ পৰা। নাকৰ পৰা ওলাই থকা অলপ মান তেজৰ বাহিৰে আন কোনো ধৰণৰ আঘাত প্ৰত্যক্ষ কৰা হোৱা নাছিল ব্যক্তি গৰাকীৰ মৃত দেহৰ পৰা। পৰিয়ালৰ অনুসৰি বুধবাৰে পুৱা কাৰ্যালয়লৈ বুলি ওলাই গৈছিল চৌধুৰী, আৰু সন্ধিয়ালৈ উভতা নাছিল।


আৰু পঢ়ক : আঁঠুৱাৰ তলত গোপন প্ৰেমিকৰে সৈতে বোৱাৰীক হাটে-লুটে ধৰিলে শাহুৱেকে


Next Story
চাকৰি