কন্যাই কৰালে অসবৰ্ণ বিবাহঃ ধৰ্ষণ কৰি হত্যা কৰিলে নিজ পিতৃয়ে

মধ্য প্ৰদেশৰ ভূপালত এই নিকৃষ্ট কাণ্ড সংঘটিত কৰিলে এজন ৫৫ বছৰীয়া ব্যক্তিয়ে ।
কন্যাই কৰালে অসবৰ্ণ বিবাহঃ  ধৰ্ষণ কৰি হত্যা কৰিলে নিজ পিতৃয়ে
Published on

ভূপালঃ এজন ৫৫ বছৰীয়া ব্যক্তিয়ে অন্য সম্প্ৰদায়ৰ এজন লোকক বিয়া কৰোৱাৰ অভিযোগত ধৰ্ষণ কৰি নিজ জীয়াৰীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

মহিলাগৰাকী আৰু তেওঁৰ আঠ মাহৰ পুত্ৰৰ মৃতদেহ দুদিন পূৰ্বে মধ্য প্ৰদেশৰ ৰতিবাদ জিলাৰ সমাসগড় বনাঞ্চলত  আৰক্ষীয়ে উদ্ধাৰ কৰে।  

পৰিয়ালৰ মতে, অভিযুক্তজনে তেওঁৰ জীয়াৰীৰ সন্তানটিৰ অন্তিম সংস্কাৰ কৰিবলৈ অৰণ্যলৈ গৈছিল। যিহেতু কৰণাত আক্রান্ত হৈ সন্তানটিৰ মৃত্যু হৈছিল ।অৱশ্যে, এবছৰ আগতে হোৱা মহিলাগৰাকীৰ বিবাহক লৈ পিতৃ আৰু জীয়েকৰ মাজত তৰ্ক হৈছিল।ব্যক্তিজনে তেতিয়া তেওঁৰ জীয়াৰীক ধৰ্ষণ কৰিছিল আৰু শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল।

তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰিছে আৰু ভাৰতীয় দণ্ডবিধিৰ ৩০২ আৰু ৩৭৬ ধাৰাৰ অধীনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি, ৰতিবাদ ষ্টেচন হাউচ অফিচাৰ সুদেশ তিৱাৰীয়ে কৈছিল যে মহিলা গৰাকী আৰু কেঁচুৱাটোৰ ক্ষতবিক্ষত মৃতদেহ দুদিন আগতে অৰণ্যত পোৱা গৈছিল। যেতিয়া আৰক্ষীয়ে বিষয়টো অনুসন্ধান আৰম্ভ কৰিছিল, মৃতদেহটো চেহোৰ জিলাৰ বিলকিচগঞ্জৰ এগৰাকী মহিলা হিচাপে চিনাক্ত কৰা হৈছিল।

জেৰাত, আৰক্ষীয়ে জানিব পাৰিলে মহিলাগৰাকীয়ে অন্য জাতিৰ এজন লোকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত অসন্তুষ্ট হৈছিল ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com