নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ বাবে ২০বছৰৰ কাৰাদণ্ড অৰুণাচলৰ এগৰাকীক

নাবালিকাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ দোষত অৰুণাচল প্ৰদেশৰ বিশেষ ন্যায়ালয়ে, ২০বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহিছে এগৰাকী ব্যক্তিক
নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ বাবে ২০বছৰৰ কাৰাদণ্ড অৰুণাচলৰ এগৰাকীক
Published on

এগৰাকী নাবালিকাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ দোষত অৰুণাচল প্ৰদেশৰ, তিৰাপ জিলাৰ এখন বিশেষ ন্যায়ালয়ে, ২০বছৰৰ বাবে কাৰাদণ্ডৰ শাস্তি বিহিছে এগৰাকী ব্যক্তিক।

নাবালিকা গৰাকীৰ ওপৰত নিৰ্যাতন চলোৱা ব্যক্তিয়ে গৰাকীক অনিল চাকমা নামেৰে চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে, আৰূপী গৰাকীক শাৰীৰিক নিৰ্যাতনৰ পৰা শিশু সংৰক্ষণ অধিনিয়ম ২০১২ৰ (POCSO) খণ্ড ৬ৰ অধীনত আটক কৰা হৈছে।

খবৰ অনুসৰি, এই বছৰৰ জুলাই মাহত এই ঘৃণনীয় কাণ্ড সংঘটিত কৰিছিল চাকমায়ে। ৯বছৰীয়া নাবালিকা গৰাকী, দোকান লৈ যাওঁতে এই ঘটনা সংঘটিত কৰিছিল তেওঁ।

কিছু তথ্যৰ অনুসৰি এই লজ্জাজনক ঘটনা সংঘটিত কৰাৰ সময়ত আৰূপী চাকমা সুৰাৰ নিচাত আসক্ত আছিল। সুৰাৰ নিচাত তেওঁ নাবালিকা গৰাকীক ওচৰতে থকা বাঁহৰ বাৰীলৈ চোঁচোৰাই লৈ গৈছিল আৰু সেই স্থানতে শাৰীৰিক নিৰ্যাতন চলাইছিল নাবালিকা গৰাকীৰ ওপৰত।

এই ঘটনা প্ৰত্যক্ষ কৰে এগৰাকী স্থানীয় লোকে, যিয়ে ততাতয়াকৈ খবৰ দিয়ে, নাবালিকা গৰাকীৰ ঘৰত। আৰু ছোৱালী জনীৰ পৰিয়ালৰ লোকে এই কাণ্ডৰ বিষয়ে গোচৰ ৰুজু কৰে দিয়ুন আৰক্ষী থানাত।

যাৰ পাছতেই আৰক্ষীয়ে আটক কৰে আৰূপী গৰাকীক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com