অৱশেষত মুকলি আকাশৰ তললৈ কৃষক মুক্তিৰ মানস, ১৬জুলাইত অখিলৰ শুনানী

অৱশেষত মুকলি আকাশৰ তললৈ কৃষক মুক্তিৰ মানস, ১৬জুলাইত অখিলৰ শুনানী

অহা ১৪ জুলাই অৰ্থাত কাইলৈ হ'ব ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালৰ জামিনৰ শুনানি ।
Published on

অৱশেষত মুকলি আকাশৰ তললৈ আহিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভ্ৰাতৃ সংগঠন ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰ । নাগৰিকত্ব(সংশোধনী)বিৰোধী আন্দোলন প্ৰবল হোৱাৰ সময়তে ছাত্ৰ মুক্তিৰ নেতা মানসক চলিত বৰ্ষৰ ২০ জানুৱাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আজি গুৱাহাটীৰ চান্দমাৰীস্থিত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)-ৰ বিশেষ আদালতে মানসৰ জামিন মঞ্জুৰ কৰে।আনহাতে, অহা ১৪ জুলাই অৰ্থাত কাইলৈ হ'ব ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালৰ জামিনৰ শুনানি । ১৬ জুলাইত অখিল গগৈৰ জামিনৰ শুনানিৰ দিন । উল্লেখ্য যে অখিল, ধৈৰ্য আৰু বিতুৰ শৰীৰত মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com