Begin typing your search above and press return to search.

মণিপুৰত পুনৰ এজন ক'ৱিড-১৯ চিনাক্ত, আক্ৰান্ত তিনিজনলৈ বৃদ্ধি

৩ বছৰীয়া এই লোকজনে পিতৃৰ চিকিত্সাৰ বাবে মুম্বাইলৈ গৈছিল।

মণিপুৰত পুনৰ এজন কৱিড-১৯ চিনাক্ত, আক্ৰান্ত তিনিজনলৈ বৃদ্ধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 May 2020 6:41 AM GMT

মণিপুৰত পুনৰ এজন ক'ৱিড-১৯ চিনাক্ত, আক্ৰান্ত তিনিজনলৈ বৃদ্ধি

ক'ৱিড-১৯মুক্ত ঘোষিত মণিপুৰত সম্প্ৰতি চিনাক্ত হৈছে এই মহামাৰীত আক্ৰান্ত এজন লোক। মুম্বাইৰ পৰা অলপতে আহি মণিপুৰত উপস্থিত হৈছিল এই লোকজন। মণিপুৰ চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি সমণিপুৰত পুনৰ এজন ক'ৱিড-১৯ চিনাক্ত, আক্ৰান্ত তিনিজনলৈ বৃদ্ধিম্প্ৰতি এই ক'ৱিড-১৯ আক্ৰান্তজন ইম্ফলস্থিত জৱাহৰলাল নেহৰু ইনষ্টিটিউটত চিকিত্সাধীন হৈ আছে। ৩৩ বছৰীয়া এই লোকজনে পিতৃৰ চিকিত্সাৰ বাবে মুম্বাইলৈ গৈছিল। কিছুদিন পূৰ্বে তেওঁ আন পাঁচজন লোকৰ সৈতে এখন গাড়ী ভাড়া কৰি মুম্বাইৰ পৰা মণিপুৰত উপস্থিত হয়। তাৰ পাচতে তেওঁৰ শৰীৰত মাৰাত্মক ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। এই লোকজনৰ ঘৰ পূব ইম্ফল জিলাত। তেওঁ য়োৱা বুধবাৰে মুম্বাইৰ পৰা আহি মণিপুৰত উপস্থিত হয়। তাৰ পাছতে তেওঁক কোৱাৰাণ্টাইনলৈ প্ৰেৰণ কৰা হয়। কালি তেওঁৰ নমুনা পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায়। এই পৰীক্ষাত তেওঁ কৰোনাত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হয়।

উল্লেখ্য যে মণিপুৰত যোৱা এপ্ৰিলত দুজন ক'ৱিড-১৯ৰ ৰোগী আছিল। ৰাজ্যখনত অন্তিম ক'ৱিড-১৯ পজিটিভ ব্যক্তি আছিল থৌবাল জিলাৰ ৫৩ বছৰীয়া এগৰাকী ব্যক্তি। লোকজনৰ একেৰাহে দুটা নমুনা পৰীক্ষাত নিগেটিভ অহাৰ পিছত তেওঁক সুস্থ বুলি চিকিত্সালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হয় ।

তাৰ পাছতেই মণিপুৰ ক'ৱিড-১৯মুক্ত ৰাজ্যত পৰিণত হয় । ২২ এপ্ৰিলৰ পৰা ৰাজ্য খনত কোনো নতুন পজিটিভ ব্যক্তি ওলোৱা নাই। সেয়েহে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনক কৰোনা মুক্ত ঘোষণা কৰিছিল।

Next Story