কেজৰিৱালৰ বাসভৱনৰ ওচৰত প্ৰতিবাদ কৰোঁতে আহত বিজেপি সাংসদ মনোজ তিৱাৰী

চট পূজা আয়োজনত বাধা দিয়াটো পূব ভাৰতৰ লোকৰ প্ৰতি অন্যায় বুলি সাংসদ তিৱাৰীয়ে মন্তব্য কৰিছে।
কেজৰিৱালৰ বাসভৱনৰ ওচৰত প্ৰতিবাদ কৰোঁতে আহত  বিজেপি সাংসদ মনোজ তিৱাৰী

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ বাসভৱনৰ ওচৰত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰোঁতে আহত হয় বিজেপি সাংসদ মনোজ তিৱাৰী ৷ লগে লগে তেওঁক ছফদৰজং হাস্পতালত ভৰ্তি কৰা হয় ৷ পাছত সন্ধিয়ালৈ তেওঁক হাস্পতালৰ পৰা যাবলৈ দিয়া হয়। ৰিৱালৰ বাসভৱনৰ ওচৰত চট পূজা নিষিদ্ধ কৰাৰ বাবে বিজেপি সাংসদজনৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত হৈছিল। 

উল্লেখ্য যে কেজৰিৱালৰ বাসভৱনত ওচৰত সাংসদ তিৱাৰীৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত হওঁতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ পানী হিলৈ ব্যৱহাৰ কৰে।

আনহাতে, চট পূজা আয়োজনত বাধা দিয়াটো পূব ভাৰতৰ লোকৰ প্ৰতি অন্যায় বুলি সাংসদ তিৱাৰীয়ে মন্তব্য কৰিছে। তেওঁ লগতে কয় যে চট পূজা হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতীক।  ইয়াৰ আয়োজনৰ বিৰোধিতা কৰি কেজৰিৱাল চৰকাৰে সংস্কৃতিকে অপমান কৰা বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে।  অথচ কেজৰিৱালে পূৰ্বাঞ্চলীয় লোকৰ ভোটেৰে চৰকাৰ গঠন কৰিছে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com