১২ টা কেন্দ্ৰত গুৱাহাটীত বৃহৎ পৰিসৰত ক'ৰ'নাৰ নমুনা পৰীক্ষণ আৰম্ভ

ভ্ৰমণ ইতিহাস নথকা তথা ৰাজ্য বা দেশৰ বাহিৰলৈ নোযোৱা মহানগৰীৰ ২৫জন লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে ৷
১২ টা কেন্দ্ৰত গুৱাহাটীত বৃহৎ পৰিসৰত ক'ৰ'নাৰ নমুনা পৰীক্ষণ আৰম্ভ
Published on: 

১২ কেন্দ্ৰত গুৱাহাটীত বৃহৎ পৰিসৰত ক'ৰ'নাৰ নমুনা পৰীক্ষণ আৰম্ভ

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা আজি ১৬জুনৰ পৰা ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীত বৃহৎ পৰিসৰত আৰম্ভ হৈছে ক'ৰ'নাৰ নমুনা পৰীক্ষণ ৷ এই উদ্দেশ্যে মহানগৰীৰ বিভিন্ন স্থানত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ চিনাক্ত কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় নমুনা সংগ্ৰহৰ বাবে কেতবোৰ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ উল্লেখ্য যে ভ্ৰমণ ইতিহাস নথকা তথা ৰাজ্য বা দেশৰ বাহিৰলৈ নোযোৱা মহানগৰীৰ ২৫জন লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে ৷ ইয়াৰ দ্বাৰা গুৱাহাটীত ক'ৰ'না ভাইৰাছৰ জন-সমষ্টিগত সংক্ৰমণ বা কম্যুনিটী ট্ৰান্সমিছন আৰম্ভ হোৱাৰ আশংকা প্ৰকট হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ব্যাপক হাৰত ক'ৰ'না সংক্ৰমণ চিনাক্তকৰণৰ উদ্দেশ্যে নমুনা পৰীক্ষণৰ ব্যৱস্থা কৰিছে ৷ ইয়াৰ নমুনা সংগ্ৰহৰ বাবে স্বাস্থ্য বিভাগে মহানগৰীৰ বিভিন্ন স্থানত ১২টা কেন্দ্ৰ মুকলি কৰিছে ৷ এই সম্পৰ্কত স্বাস্থ্য মন্ত্ৰী শৰ্মাই এটা টুইটত কয়, " নমুনা পৰীক্ষণৰ সুবিধা সহজ কৰাৰ উদ্দেশ্যে এই কেন্দ্ৰসমূহ মুকলি কৰা হৈছে ৷ 

মহানগৰীত ক'ৰ'নাৰ নমুনা পৰীক্ষণৰ বাবে মুকলি কৰা এই কেন্দ্ৰসমূহ হ'লঃ

১) গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অ' পি ডি ৷

২) মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ অ' পি ডি

৩) ধীৰেনপাৰা এফ আৰ ইউ ৷

৪) উলুবাৰী নগৰ হাস্পতাল ৷

৫) দিছপুৰ ৰাজধানী ডিছপেনছেৰী ৷

৬) ছয় মাইলস্থিত খানাপাৰা ৰাজ্যিক ডিছপেনছেৰী ৷

৭) ভেটাপাৰা ৰাজ্যিক ডিছপেনছেৰী ৷

৮) লখৰা ৰাজ্যিক ডিছপেনছেৰী ৷

৯) বামুণীমৈদাম ৰাজ্যিক ডিছপেনছেৰী (পূব গুৱাহাটী) ৷

১০) শান্তিপুৰ ৰাজ্যিক ডিছপেনছেৰী (পশ্চিম গুৱাহাটী)

১১) উদালবাক্ৰা এম পি এইচ চি ৷

১২) পাণ্ডু এফ আৰ ইউ ৷ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com