Begin typing your search above and press return to search.

ক'ৰ'নাত আক্ৰান্ত হ'ল কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰী

মন্ত্ৰীজনে লগতে তেওঁৰ সংস্পৰ্শলৈ বিগত কিছুদিনত অহা লোকসকলক নমুনা পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে।

কৰনাত আক্ৰান্ত হল কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Aug 2020 1:50 PM GMT

ক'ৰ'না মহামাৰীত আক্ৰান্ত হ'ল আৰু এজন কেন্দ্ৰীয় মন্ত্ৰী। প্ৰাপ্ত তথ্য অনুসৰি কেন্দ্ৰীয় কৃষি ৰাজ্য মন্ত্ৰী কৈলাশ চৌধুৰী ক'ৰ'না পজিটিভ হৈছে। শনিবাৰে মন্ত্ৰীজনে টুইটাৰযোগে এই কথা প্ৰকাশ কৰে। হিন্দীত লিখা এটা টুইটত তেওঁ কয়, " মোৰ শৰীৰত ক'ৰ'নাত আক্ৰান্ত হোৱাৰ লক্ষণ ফুটি উঠাত যোৱা নিশা নমুনা পৰীক্ষা কৰা হয়।

এই পৰীক্ষাৰ ফলাফল পজিটিভ হৈছে"। মন্ত্ৰীজনে লগতে তেওঁৰ সংস্পৰ্শলৈ বিগত কিছুদিনত অহা লোকসকলক নমুনা পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে। ইপিনে, পূৰ্বে ক'ৰ'না পজিটিভ হোৱা বলিউডৰ অভিনেতা অভিষেক বচ্চন সুস্থ হৈ ঘৰমুৱা হৈছে। শেহতীয়া নমুনা পৰীক্ষাত তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা নপৰিল।

আৰু পঢ়িব পাৰেঃ ক'ৰ'না নিয়ন্ত্ৰণঃ খাদ্যবস্তুৰ দোকানী-পথৰ বেপাৰীৰ স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ কেন্দ্ৰৰ

Next Story