Begin typing your search above and press return to search.

ৰেলত অসমলৈ আহিবলগা মানুহক লৈ শংকা স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

অসমলৈ মানুহ আহিবলৈ ধৰিলে পৰিস্থিতি চম্ভালাতো প্ৰত্যাহ্বানজনক হ’ব বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিছে ৷

ৰেলত অসমলৈ আহিবলগা মানুহক লৈ শংকা স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 May 2020 1:57 PM GMT

ৰেলত অসমলৈ আহিবলগা মানুহক লৈ শংকা স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ

বৰ্তমানেও ৰাজ্যৰ কমেও ১০হেজাৰ ব্যক্তি দেশৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ আছে ৷ কাইলৈৰ পৰা দেশত যাত্ৰীবাহী ৰেলৰ চলাচল পুনৰ আৰম্ভ হ'ব ৷ এই ৰেল চলাচলৰ ফলত অসমলৈ মানুহ আহিবলৈ ধৰিলে পৰিস্থিতি চম্ভালাতো প্ৰত্যাহ্বানজনক হ'ব বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিছে ৷ আজি মন্ত্ৰীজনে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটা অত্যাধুনিক জৰুৰীকালীন কক্ষ (আই চি ইউ)মুকলি কৰে ৷ এই আই চি ইউত ভেণ্টিলেটৰ যুক্ত বিচনা আছে ৷ পাছত তেওঁ সাংবাদিকৰ আগত কয় যে ৰাজ্যত ক'ৱিড-১৯মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰা যথোপযুক্ত সঁহাৰি পোৱা গৈছে ৷ ইপিনে, ৰাজ্যত কৱিড-১৯ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ৬৪জনলৈ বৃদ্ধি পায় । ফলত ভয়-আতংক ক্ৰমে অধিক বৃদ্ধি পাইছে ।

আনহাতে, আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে ক'ৱিড-১৯ আক্ৰান্ত ৰোগী বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে এই ভাইৰাছ সংক্ৰমণৰ পৰীক্ষা শীঘ্ৰেই কৰা উচিত । তদুপৰি বিশেষজ্ঞই অসমত শীঘ্ৰেই পৰীক্ষা কৰাৰ বাবে উপদেশ প্ৰদান কৰিছে ।‌

আনহাতে, শেহতীয়া তথ্য অনুসৰি দেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যাই সম্প্ৰতি ৬৭হেজাৰৰ ঘৰক অতিক্ৰম কৰিছে। অনুৰূপধৰণে বৃদ্ধি পাইছে মৃতৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত নতুনকৈ পজিটিভ ধৰা পৰিছে ৩,২৭৭ জন লোকৰ শৰীৰত। এনেদৰে বিগত এটা সপ্তাহত প্ৰতি দিনেই ৩০০০ ৰ অধিক লোক নতুনকৈ সংক্ৰমিত হৈ আছে।

Next Story