শীৰ্ষ বাতৰি
ৰাজকন্যা বৰুৱাৰ গাড়ী দুৰ্ঘটনাৰ ভুক্তভোগী যোচেফ মাৰাকৰ মৃত্যু
অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে যোচেফ মাৰাকে।
এই কথা জনালে জি এম চি এইচৰ অধীক্ষকে।
যোৱা ১ অক্টোবৰৰ নিশা গুৱাহাটীৰ পথত সুৰাৰ ৰাগীত মাতাল হৈ ৰাজকন্যা বৰুৱাই গাড়ীৰে খুন্দিয়াই ভৰি ছিঙি দিছিল যোচেফ মাৰাকৰ। দুয়োখন ভৰি কাটি পেলাব লগা হৈছিল মাৰাকৰ । ২ অক্টোবৰত তেওঁক ভৰ্তি কৰোৱা হৈছিল জি এম চি এইচত। বহুদিন ধৰি বিচনাত পৰি থকা বাবে হাওঁফাওঁলৈ যোৱা ৰক্ত পৰিবাহী সিৰা বন্ধ হৈ যোৱাৰ লগতে সমগ্র শৰীৰত চেপ্তিক ফৰ্ম হোৱা বাবে মৃত্যু হয় মাৰাকৰ। বুধবাৰে ১০ বজাত মৃত্যু হয় মাৰাকৰ।
উল্লেখ্য যে গুৱাহাটীৰ ৰুক্মিণীগাঁৱত ৮ জনকৈ শ্ৰমিকক বাহনেৰে মহটিয়াই আহত কৰিছিল ৰাজকন্যাই।
ৰাজকন্যাই এই ভয়াৱহ দুর্ঘটনাটো সংঘটিত কৰিও অনুশোচনা কৰা নাই। ইয়াৰ পৰিৱর্তে ছোচিয়েল মিডিয়াত তেওঁৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱা বুলিহে দাবী কৰাৰ লগতে শ্রমিকসকলৰহে দোষ আছিল বুলি মন্তব্য কৰিছিল মডেলগৰাকীয়ে।