অসমত বানত মৃতৰ সংখ্যা দুজনলৈ বৃদ্ধিঃ নখন জিলাৰ দুই লক্ষাধিক ক্ষতিগ্ৰস্ত

অসমত বানত মৃতৰ সংখ্যা দুজনলৈ বৃদ্ধিঃ নখন জিলাৰ দুই লক্ষাধিক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক বানত ৰাজ্যৰ নখন জিলাৰ দুই লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে
Published on

অসমত বানত মৃতৰ সংখ্যা দুজনলৈ বৃদ্ধিঃ নখন জিলাৰ দুই লক্ষাধিক ক্ষতিগ্ৰস্ত

ৰাজ্যত সাম্প্ৰতিক বানত মৃতৰ সংখ্যা দুজনলৈ বৃদ্ধি পাইছে ৷ কালি গোৱালপাৰাৰ ৰংজুলিত এজন লোকৰ বানত ডুবি মৃত্যু হোৱাৰ পাছত আজি একেখন জিলাত বানত আন এজন লোকৰ মৃত্যু হয় ৷ আনহাতে, সাম্প্ৰতিক বানত ৰাজ্যৰ নখন জিলাৰ দুই লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে ৷ চৰকাৰী তথ্য অনুসৰি এই বানত দুই লাখ ৯৪হেজাৰ ১৭০জন লোক ক্ষতিগ্ৰস্ত হৈছে ৷ ক্ষতিগ্ৰস্তসকলৰ অধিকাংশই গোৱালপাৰা জিলাৰ ৷ জিলাখনত সাম্প্ৰতিক বানত মুঠ দুই লাখ এহেজাৰ ৩৪৭জন লোক ক্ষতিগ্ৰস্ত হৈছে ৷ সাম্প্ৰতিক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত আনকেইখন জিলা হৈছে ধেমাজি, নগাঁও, হোজাই, দৰং, নলবাৰী, পশ্চিম কাৰ্বি আংলং, ডিব্ৰুগড় আৰু তিনিচুকীয়া ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com