ক’ৰ’না মহামাৰীঃ ভাৰতত মৃতকৰ সংখ্যা চাৰি শতাধিকলৈ বৃদ্ধি

ক’ৰ’না মহামাৰীঃ ভাৰতত মৃতকৰ সংখ্যা চাৰি শতাধিকলৈ বৃদ্ধি
Published on

ক’ৰ’না মহামাৰীঃ ভাৰতত মৃতকৰ সংখ্যা চাৰি শতাধিকলৈ বৃদ্ধি

ক’ৰ’না মহামাৰীয়ে ভাৰতত সৃষ্টি কৰা পৰিৱেশ ক্ৰমাত জটিলৰ পৰা জটিল হবলৈ ধৰিছে। বিগত কিছুদিনৰ পৰা প্ৰতিদিনেই বৃদ্ধি পাইছে এই মহামাৰীত আক্ৰান্ত অথবা মৃতকৰ সংখ্যা। বৃহস্পতিবাৰলৈকে সমগ্ৰ দেশত এই মহামাৰীত ৪২০ জন লোৰক মৃত্যু হয়। তদুপৰি আক্ৰান্ত হৈছে ১২হেজাৰৰো অধিক লোক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ১,৫১৪জন ৰোগী সুস্থ হৈছে। ইয়াৰ মাজত অসমৰো চাৰিজন লোক আছে। ইতিমধ্যে এই চাৰিজন লোকক চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হৈছে। আনহাতে, অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে সম্প্ৰতি চিকিত্সাধীন হৈ থকা ৰাজ্যৰ অধিকাংশ ক’ৰ’না ৰোগীক অহা ২০ এপ্ৰিলৰ ভিতৰত চিকিতসালয়ৰ পৰা যাবলৈ দিয়া হব পাৰে। কাৰণ এইসকল ক্ৰমাত্ সুস্থ হৈ উঠিছে। ইতিমধ্যে বুধবাৰে দুজন ক’ৰ’না আক্ৰান্তক চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হয়। দুয়োজন সোণাপুৰৰ অসামৰিক চিকিত্সালয়ত চিকিত্সাধীন হৈ আছিল। দুয়োৰে ঘৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত অঞ্চলত।এই কথা প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰী শৰ্মাই কয়, “ আমি দুজন ক’ৰ’না আক্ৰান্ত ক্ৰমে জোনাব আলী আৰু নুৰুদ্দিন আলীক চিকিত্সালয়ৰ পৰা যাবলৈ দিছো। তেওঁলোক সোণাপুৰ জিলা চিকিত্সালয়ত চিকিত্সাধীন হৈ আছিল”। উল্লেখ্য যে অসমত বৰ্তমানলৈ ৩২জন ক’ৰ’না আক্ৰান্ত চিনাক্ত কৰা হৈছে। ইয়াৰে এজন মৃত্যুমুখত পৰে।ইপিনে, দেশজোৰা তলাবন্ধৰ ফলত ৩ মে'লৈ স্থগিত থাকিব সকলো ধৰণৰ যাত্ৰীবাহী ৰেলসেৱা ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com