Begin typing your search above and press return to search.

লক-ডাউনৰ সময়ত বিশেষ যাত্ৰীবাহী ৰেলেৰে উত্তৰ-পূবলৈ আহিল ৫ হেজাৰ লোক

বিশেষ যাত্ৰীবাহী ৰেলেৰে অসমকে ধৰি উত্তৰ-পূবলৈ ৫ হেজাৰৰো অধিক লোক আহে। উ

লক-ডাউনৰ সময়ত বিশেষ যাত্ৰীবাহী ৰেলেৰে উত্তৰ-পূবলৈ আহিল  ৫ হেজাৰ লোক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 May 2020 5:07 AM GMT

লক-ডাউনৰ সময়ত পেচেঞ্জাৰ স্পেচিয়েলে ৰেলেৰে উত্তৰ-পূবলৈ আহিল কমেও ৫ হেজাৰ লোক

দেশজোৰা তলাবন্ধৰ সময়তে যোৱা ১২ মে'ৰ পৰা দেশজুৰি যাত্ৰীবাহী বিশেষ ৰেল চলোৱা হয়। সেই সূ্ত্ৰে এইকেইদিনত বিশেষ যাত্ৰীবাহী ৰেলেৰে অসমকে ধৰি উত্তৰ-পূবলৈ ৫ হেজাৰৰো অধিক লোক আহে। উল্লেখ্য যে ১২ মেৰ পৰা চলা যাত্ৰীবাহী ৰেলক লৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকা প্ৰকাশ কৰিছিল। এই ৰেল চলাচলৰ ফলত অসমলৈ মানুহ আহিবলৈ ধৰিলে পৰিস্থিতি চম্ভালাতো প্ৰত্যাহ্বানজনক হ'ব বুলি স্বাস্থ্য মন্ত্ৰী ইংগিত দিছিল ৷ উক্তদিনা মন্ত্ৰীজনে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটা অত্যাধুনিক জৰুৰীকালীন কক্ষ (আই চি ইউ)মুকলি কৰে ৷ এই আই চি ইউত ভেণ্টিলেটৰ যুক্ত বিচনা আছে ৷ পাছত তেওঁ সাংবাদিকৰ আগত কয় যে ৰাজ্যত ক'ৱিড-১৯মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত কেন্দ্ৰৰ পৰা যথোপযুক্ত সঁহাৰি পোৱা গৈছে ৷ আনহাতে, যোৱা ১২মে'ত ডিব্ৰুগড় অভিমুখে যাত্ৰা আৰম্ভ কৰা ৰেলখনে ১৪ মে'ৰ পুৱা ৭-৩০বজাত ডিব্ৰুগড় ৰেল ষ্টেচনত প্ৰৱেশ কৰে ।দীঘলীয়া যাত্ৰাৰ অন্তত অন্তিম স্থানত ২৬১জন যাত্ৰী নামে ৷ এই ২৬১যাত্ৰীৰ ৭৪জন ডিব্ৰুগড়ৰ, ১৯জন লখিমপুৰৰ, ৯৭জন তিনিচুকীয়াৰ, ২৮জন ধেমাজিৰ, পাঁচজন শিৱসাগৰৰ, চাৰিজন বিশ্বনাথৰ আৰু ২১ জন চৰাইদেউ জিলাৰ ৷ তদুপৰি ১৩জন চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৷ এই সম্পৰ্কত ৰেলৱেৰ এক সূত্ৰই জনোৱা মতে, লামডিং ষ্টেচনত ৰেলখন ত্যাগ কৰে ৪৪জন যাত্ৰীয়ে ৷ এই যাত্ৰীসকলৰ মাজত ১৬জন লামডিঙৰ, আঠজন হোজাইৰ, ছজন কাৰ্বি আংলঙৰ, সাতজন ডিমা হাছাউৰ, পাঁচজন বিশ্বনাথৰ আৰু এজন মোৰাঝাৰৰ ৷ এই যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ পাছত যাবলৈ দিয়া হয় ৷ এই বিশেষ ৰেলে যাত্ৰাৰ সময়ত অসমৰ পাঁচ ঠাইত ক্ৰমে কোকৰাঝাৰ, গুবাহাটী, লামডিং, মৰিয়নি আৰু ডিব্ৰুগড়ত ৰখায় ৷

ইপিনে, ৰাজ্যত কৱিড-১৯ত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি পাইছে । ফলত ভয়-আতংক ক্ৰমে অধিক বৃদ্ধি পাইছে।

Next Story